Pradyut Bordoloi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ২১টা দিন থকা অৱস্থাত কংগ্ৰেছৰ বৰঘৰত ছদ্মবেশী এজেণ্ট ৰূপে থকা বহু বাঘা বাঘা নেতাৰ মুখ সম্প্ৰতি পোহৰলৈ আহিছে ৷ বিগত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰীত্ব লাভ কৰি কেৰোণৰে ধন ঘটি পৰৱৰ্তী সময়ত নিজ গৃহ সমষ্টিত নিৰ্বাচনী যুঁজত মুখ থেকেঁচা খোৱাৰ পিছতে দলে সংস্থাপিত কৰিলে নগাঁৱত ৷ আনকি একেৰাহে লোকসভাৰ দুটা নিৰ্বাচনত জয়লাভ কৰি সাংসদ হোৱাৰ সৌভাগ্য অৰ্জন কৰা নেতাজন হ’ল প্ৰদ্যুৎ বৰদলৈ ৷ কিন্ত অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যাবলৈ সাজু হ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী । বুধবাৰে দুপৰীয়া ১২ বজাত নতুন দিল্লীত তেওঁ বিজেপিত যোগদান কৰিব আৰু আগন্তুক বিধানসভা নির্বাচনত দিছপুৰ বা গুৱাহাটী চেন্টেল সমষ্টিৰ পৰাপ্রতিদ্বন্দ্বিতা কৰিব বুলি ঘনিষ্ঠ সূত্রত প্রকাশ।
উল্লেখ্য যে সোমবাৰৰ পৰা চর্চা অব্যাহত থকাৰ পাছত মঙলবাৰে নিশা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি সাংসদ মল্লিকার্জুন খার্গেলৈ বৰদলৈয়ে পদত্যাগপত্ৰ প্ৰেৰণ কৰে। কংগ্ৰেছৰ পৰা বিদায় লৈ তেওঁ দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰে।
উল্লেখযোগ্য দিল্লীত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকৰ অন্তত বিজেপিলৈ আহিবলৈ বৰদলৈক আমন্ত্রণ জনায়। অৱশ্যে সোমবাৰলৈকে মুখ্যমন্ত্রীয়ে ২০১৯ত বৰদলৈয়ে কংগ্ৰেছ এৰিব বুলি কৈছিল। মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণৰ পাছত মঙলবাৰে নিশাই তেওঁ পদত্যাগ কৰে। পুত্ৰ প্ৰতীক বৰদলৈয়ে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰাক লৈ এইবাৰ নিৰ্বাচনী বাতাবৰণত চৰ্চালৈ আহে সাংসদ বৰদলৈ।
তেওঁৰ পুত্ৰ হোৱা বাবে প্রতীকে টিকট লাভ কৰিব বুলি চৰ্চাৰ অৱসান নৌঘটোতেই বৰদলৈয়ে লাহৰীঘাটৰ কংগ্ৰেছী বিধায়ক তথা প্রাক্তন মন্ত্রী প্রয়াত ডাঃ নজৰুল ইছলামৰ পুত্ৰ ডাঃ আছিফ নাজাৰক টিকট দিব নালাগে বুলি কৰা বিৰোধিতা তুমুল চর্চালৈ আহে। বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ৰে পৰাই পঞ্চায়তৰ টিকট প্রদানক লৈ বৰদলৈ আৰু বিধায়ক নাজাৰৰ মাজত সংঘাত আৰম্ভ হয়। পৰৱৰ্তী সময়ত ইয়াকে লৈ পৰিস্থিতি অধিক জটিল হৈ পৰে আৰু শেহতীয়াভাৱে মুকলিকৈ ভাবুকি দিয়ে যে বিধায়ক নাজাৰক টিকট দিলে তেওঁ দল ত্যাগ কৰিব। এই বিষয়ে তেওঁ এআইচিচিকো জনাইছিল। কংগ্রেছ নেত্রী তথা দলৰ অসমৰ প্ৰাৰ্থী নিৰ্বাচনৰ স্ক্রীণিং কমিটীৰ অধ্যক্ষ প্রিয়ংকা গান্ধী অলপতে আহোতে তেওঁ এই বিষয়ে কৈছিল বুলি দলীয় সূত্রত প্রকাশ।
তাৰ পাছত দিল্লীত এআইচিচিৰ বৈঠকতো তেওঁ নাজাৰৰ প্ৰাৰ্থিত্বৰ তীব্ৰ বিৰোধিতা কৰে। অসমত দলৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙলৈ তেওঁ প্ৰেৰণ কৰা পত্ৰও চর্চিত হয়। এই পত্ৰত তেওঁ কয় যে দলত জ্যেষ্ঠ সতীৰ্থৰ অনুভৱৰ প্ৰতি গুৰুত্ব দিয়া হোৱা নাই। নগাঁও আৰক্ষীয়ে বিধায়ক ডাঃ নাজাৰৰ সোঁহাতস্বৰূপ ইমদাদুল ইছলামৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁৰ আৰু শিবামণি বৰাৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ অন্যতম অভিযুক্ত সাব্যস্ত কৰি তদন্ত আৰম্ভ কৰে।
বিগত বৰ্ষৰ ২৭ এপ্ৰিলত ধিঙত হাতে হাতে লোহাৰ ৰডৰ পৰা আৰম্ভ কৰি বিভিন্ন অস্ত্র-শস্ত্র কঢ়িয়াই অনা গুণ্ডা বাহিনীয়ে দুয়োকে আক্ৰমণ কৰা ঘটনাৰ অন্যতম অভিযুক্ত ইমদাদুলক কিছু মাহৰ পূৰ্বে কাৰামুক্ত হৈ অহাৰ পাছত বিধায়ক নাজাৰে হিৰোৰ দৰে আদৰণি জনোৱাটো তেওঁৰ বাবে কোনোপধ্যে গ্রহণযোগ্য নহয় বুলি সূত্ৰত উল্লেখ কৰে। যোৱা ১১ জানুৱাৰীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ বাসগৃহলৈ নাজাৰে এই অপৰাধীজনক লৈ যোৱাই নহয়, গৌৰৱৰ হতুৱাই আনুষ্ঠানিক আদৰণিৰো ব্যৱস্থা কৰে বুলি বৰদলৈয়ে পত্ৰখনত উল্লেখ কৰে। এই ঘটনাত তেওঁ প্রতিবাদ জনাই বুলিও কয়। ইয়াৰ পাছতো ১২ জানুৱাৰীত তেওঁ উপস্থিত থকা সভাতে গৌৰৱে এক যোগদান কার্যসূচীত ইমদাদুলক মঞ্চত বহুৱাইছিল বুলি পত্ৰত তেওঁ উল্লেখ কৰে।
এই বিষয়টোক লৈ চর্চা অব্যাহত থকাৰ পাছতো সোমবাৰে সাংসদজনে দল ত্যাগ কৰিব বুলি আন এক ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হয়। এই চর্চাক লৈ মুখ্যমন্ত্রীও সৰৱ হয়। কিছুদিন পূর্বে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক বিজেপিলৈ আদৰি নিয়াৰ দৰেই সোমবাৰে মুখ্যমন্ত্ৰীয়ে বৰদলৈকো আমন্ত্রণ জনায়।
ইপিনে, লাহৰীঘাটত বৰদলৈ-নাজাৰৰ সংঘাতক লৈ দুটা ফৈদৰ সৃষ্টি হয়। অভিযোগ অনুসৰি বৰদলৈয়ে সাংসদৰ ক্ষমতা প্ৰদৰ্শন কৰি বিগত পঞ্চায়ত নিৰ্বাচনত নাজাৰক গুৰুত্বহীন কৰি টিকট দিছিল। এনে তিনিজন জিলা পৰিষদৰ সদস্য ভুৰাগাঁৱৰ মোবাছাৰ আহমেদ, লাহৰীঘাটৰ আবু জাহিৰ আৰু মৈৰাবাৰীৰ পৰিমা খানুমে একাংশ প্রদ্যুৎপন্থী কংগ্ৰেছী নেতাৰ সহযোগত সংবাদমেলত কয় যে নাজাৰে টিকট লাভ কৰিলে তেওঁলোকে দল ত্যাগ কৰিব।
সূত্ৰত প্রকাশ যে বিগত পঞ্চায়ত নিৰ্বাচনত নাজাৰে তেওঁৰ সমষ্টিৰ চাৰিখন জিলা পৰিষদ ক্ৰমে ভুৰাগাঁও, লাহৰীঘাট, ৰজাগাধোৱা আৰু মৈৰাবাৰীত এজনো পছন্দৰ প্ৰাৰ্থীক টিকট দিবলৈ সক্ষম হোৱা নাছিল। ইপিনে, অভিযুক্ত ইমদাদুল হকক নাজাৰে ভুৰাগাঁও জিলা পৰিষদ সমষ্টিত আৰু আন কেইজনমানক বাকীকেইটাত টিকট দিবলৈ বিচাৰিছিল যদিও তেওঁক আকৌ টিকট দিব নোৱাৰিলে। এইবাৰ বিধানসভাত বৰদলৈয়ে নাজাৰৰ বিপৰীতে ডাঃ ফৰিদুল হুছেইনক টিকট দিব লাগে বুলি হেঁচা প্রয়োগ কৰে। অভিযোগ অনুসৰি হুছেইনৰ স’তে আন কিছুমান ৰহস্যজনক বুজাবুজিও হয় বৰদলৈৰ।
ইপিনে, লাহৰীঘাট ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ এক সংবাদমেলত বৰদলৈক প্রত্যাহ্বান জনায় তৃণমূলে। লাহৰীঘাট সমষ্টিৰ দুটা ব্লকৰ সভাপতি-সম্পাদক, ৩০ টা মণ্ডলৰ সভাপতি-সম্পাদক, যুব কংগ্ৰেছ, ২৯ খন পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু দুই আঞ্চলিক পৰিষদৰ সভাপতিয়ে বৰদলৈৰ বিৰুদ্ধে সৰৱ হয়। আজি সংবাদমেলত তেওঁলোকে কয় যে নাজাৰে চৰকাৰ নথকা অৱস্থাতো কংগ্ৰেছৰ বাবে সমষ্টিটো ধৰি ৰাখিছে। আনহাতে প্রদ্যুৎ বৰদলৈৰ মুখত নাম উচ্চাৰণ হোৱা ফৰিদুল হুছেইনে ২০২১ত এআইইউডিএফৰ প্রার্থী ছিদ্দিক আহমেদৰ হৈ প্ৰচাৰ চলাইছিল আৰু ২০২৪ত বিজেপিৰ প্ৰাৰ্থীৰ স’তে সভা-সমিতি কৰাৰ তথ্য আছে বুলি সংবাদমেলত তেওঁলোকে কয়।
এনে লোকক প্রার্থী হিচাপে জাপি দিলে ৩০ টা মণ্ডল সমিতি, দুটা ব্লক সমিতি আৰু বুথ সমিতিয়ে পদত্যাগ কৰাৰ লগতে নির্বাচন বৰ্জনৰ ভাবুকি দিয়ে। বিগত লোকসভা নির্বাচনত নাজাৰৰ নেতৃত্বত লাহৰীঘাটবাসীয়ে বৰদলৈক অভিলেখ সংখ্যক ভোট দিছে বুলিও তেওঁলোকে দাবী কৰাৰ লগতে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা বুলিও কয়। তেওঁলোকে কয় যে মাৰ্ঘেৰিটাত হাৰি বৰদলৈয়ে নগাঁৱলৈ আহিছে আৰু নগাঁৱতো কংগ্ৰেছক নিশ্ছিন্ন কৰিবলৈ চেষ্টা কৰিছে। যুব কংগ্ৰেছৰ জুনাইত খাইৰুল বাছাৰে কয় যে বিগত পঞ্চায়ত নির্বাচনত টিকটৰ বিনিময়ত বজাৰ খুলি ছদ্মবেশী কংগ্রেছক টিকট দিলে। তেওঁলোকে কয় যে প্রদ্যুৎ বৰদলৈ বিজেপিলৈ যাবলৈ সাজু হৈছে আৰু যাওঁক।
দলীয় সূত্ৰত প্ৰকাশ যে বৰদলৈয়ে বিগত তিনি দশকজুৰি কংগ্ৰেছত থকাৰ সময়ত সকলো ধৰণৰ সা-সুবিধা লাভ কৰাই নহয়, এইবাৰ পুত্ৰকো টিকট দিবলৈ সক্ষম হয়। অভিযোগ উত্থাপন হৈছে গৃহ সমষ্টি মাৰ্ঘেৰিটাত বিগত ২০২১ৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত তেওঁক দলীয় নেতৃত্বই নগাঁৱত সংস্থাপিত কৰে। দুটাকৈ কাৰ্যকালৰ বাবে তেওঁ সাংসদৰূপেও কাৰ্যনিৰ্বাহ কৰিবলৈ সুযোগ লাভ কৰে। ইয়াৰ পাছতো তেওঁ নগাঁও চহৰৰ ডিউকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰ ডাঃ ফৰিদুল হুছেইনক টিকট দিব লাগে বুলি কিয় উঠি-পৰি লাগিছে তাকে লৈ প্রশ্ন উত্থাপন হয়।
আনহাতে, কংগ্রেছত থাকি সকলো ধৰণৰ ক্ষমতাৰ সোৱাদ লোৱাৰ পাছত তেওঁ বিজেপিলৈ কিয় যাব বিচাৰিছে সেই প্রশ্নও উত্থাপন হৈছে। শেহতীয়াকৈ মুখ্যমন্ত্রী ড° শৰ্মাৰ স’তে তেওঁৰ ৰাজনৈতিক সু-সম্পর্ক গঢ়ি তোলা বুলিও চর্চা চলিছে। নিশা তেওঁৰ দল ত্যাগ আৰু বিজেপিমুখী যাত্ৰাৰ প্ৰস্তুতিৰ পাছত এনে চৰ্চাৰ বাস্তবভিত্তি থকা বুলিয়ে ৰাজীৱ ভৱনৰ সূত্ৰত প্রকাশ।
অলপতে দল ত্যাগ কৰা ভূপেন বৰাৰ দৰে বৰদলৈয়েও নিজ স্থিতি সত্য প্রমাণ কৰিবলৈ নেতৃত্বৰ বিৰুদ্ধে চালে-বেৰে কোবোৱা কথা ক’বলৈ ধৰিছে বুলিও চর্চা হৈছে। আনহাতে, তেওঁৰ বিজেপি গমন হ’লে সূত্ৰই ৰাজনৈতিক ভৱিষ্যৎ কি হ’ব সেয়াও এক বৃহৎ প্রশ্ন। পিতৃৰ পদাংক অনুসৰণ কৰি পুত্ৰয়ো কংগ্ৰেছ এৰিব নেকি সেয়া এতিয়া সময়ৰ অপেক্ষা। যি সময়ত জ্যেষ্ঠ নেতা হোৱাৰ সুবাদতে বৰদলৈয়ে অসম প্রদেশ কংগ্ৰেছত অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই সময়ত নিজ ৰাজনৈতিক সমীকৰণতহে ব্যস্ত হোৱাই নহয়, দল ত্যাগীৰ ভিৰতহে থিয় দিলে বুলিও একাংশ কটাক্ষ কৰে।
