নিম্নস্তৰৰ ৰাজনীতিৰ কৱলৰ পৰা অসমৰ ৰাইজক মুক্ত কৰিবলৈ প্ৰাণপণে চেষ্টা চলাম

images 6

Gaurav Gogoi:✒️এই নির্বাচন কোনো দলৰ নির্বাচন নহয় আৰু এই নির্বাচনত সমগ্র অসমবাসীয়ে কেৱল নিজৰ পৰিয়ালব কথা চিন্তা কৰা হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী নোহোৱাটো বিচাৰিছে বুলি মন্তব্য কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৱে।

মঙলবাৰে গগৈ দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হয়। পাছত তেওঁ সাংবাদিকৰ আগত মুখ্যমন্ত্রীৰ সমালোচনাত মুখৰ হৈ উঠে। তেওঁ কয়, ‘অসমৰ ছয় জনগোষ্ঠীৰ ৰাইজে বিচাৰিছে যে জনজাতিৰকৰণৰ বিৰোধিতা কৰা হিমন্ত বিশ্ব শর্মাই এইবাৰ মুখ্যমন্ত্রী হ’ব নালাগে। চাহ বাগিচাৰ শ্ৰমিকসকলে বিচাৰিছে যে যিজন মানুহে চাহ উদ্যোগটোক ধ্বংসপ্রায় কৰি নিজৰ পৰিয়ালৰ নামত ইখনৰ পাছত সিখন বাগান ক্রয় কৰিলে, সেই মানুহজন এইবাৰ মুখ্যমন্ত্রী হ’ব নালাগে। অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ ভয়-ভাবুকি আৰু নিম্নস্তৰৰ ৰাজনীতিৰ কৱলৰ পৰা মুক্ত কৰিবলৈ প্রাণপণে চেষ্টা চলাম।’

আজি সাধাৰণ ৰাইজৰ মাটিৰ খাজনা বৃদ্ধি কৰাৰ বিপৰীতে বিশেষ পৰিয়ালটোৱে অসমৰ বিভিন্ন ঠাইত অনিয়মৰে ১২ হেজাৰ বিঘা মাটিৰ গৰাকী হৈছে বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয়, ‘আজি জল জীৱন মিছনৰ নামত কি হৈছে সকলোৱে জানে। আজি ঠিকাদাৰ হ’বলৈ বিচৰা নতুন প্ৰজন্মৰ লোকসকলৰ আশাত বিজেপি চৰকাৰে চেঁচা পানী ঢালিছে। আশাকর্মী, অংগনৱাড়ী কর্মীসকলক প্ৰতাৰণা কৰিছে। এই কথাবোৰ ৰাইজে দেখিছে। এই কথাবোৰ নৱ প্ৰজন্মই বুজি পাইছে। এই নির্বাচন কোনো ব্যক্তি বিশেষৰ বাবে পতা নির্বাচন নহয়। সেয়েহে এইবাৰ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হোৱাটো কোনেও বিচৰা নাই।’

সমাগত নির্বাচন যথেষ্ট গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘এই নির্বাচনে অসমৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব। এই নিৰ্বাচনৰ মূল বিষয়টো হৈছে হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনসাধাৰণে পুনৰ মুখ্যমন্ত্ৰীৰূপে নিবিচাৰে। সকলোৱে এইবাৰ তেওঁৰ পৰা বেহাই বিচাৰে। অসমীয়া জাতিৰ স্বার্থত, অসমৰ ৰাইজৰ প্ৰতিটো দাবী গুৰুত্বসহকাৰে লৈ আমি নিজৰ দলৰ কামখিনি আগুৱাই লৈ যাম।’

আনহাতে, সাংসদ প্রদ্যুৎ বৰদলৈক বিজেপি গমনক গগৈয়ে ব্যক্তিগত সিদ্ধান্ত বুলি অভিহিত কৰে। অৱশ্যে বৰদলৈৰ দলত্যাগ দুর্ভাগ্যজনক বুলি আখ্যা দি তেওঁ লগতে কয়, ‘প্রতীক বৰদলৈৰ প্ৰতি মোৰ সহানুভূতি আছে। মোৰ সমৰ্থন আছে, মোৰ নৈতিক সমর্থন আছে। প্রতীকে যি সিদ্ধান্ত ল’বলৈ বিচাৰে দলৰ হৈ মই কথা পাতিম।’ কেন্দ্রীয় নেতৃত্বক জনাবলগীয়া কথা দিল্লীত জনাই থৈ অহা বুলিও গগৈয়ে মন্তব্য কৰে। বৰদলৈৰ বিদায়ে দলৰ আভ্যন্তৰীণ কন্দল সুচাইছে নেকি বুলি সাংবাদিকে সোধা প্রশ্ন খণ্ডন কৰি তেওঁ কয়, ‘ৰাজনৈতিক জীৱনত মতানৈক্য থকাটো স্বাভাৱিক; কিন্তু ইয়াৰ বাবে দলত্যাগ কৰি প্ৰতিদ্বন্দ্বী দলত যোগদান কৰা অনুচিত। যদি নগাঁৱৰ সাংসদজনে হিমন্ত বিশ্ব শর্মাকে পুনৰ মুখ্যমন্ত্ৰীৰূপে বাহাল ৰাখিবলৈ বিচাৰে তেন্তে সেয়া তেওঁৰ সিদ্ধান্ত। যিটো অতি দুর্ভাগ্যজনক।’

এনে প্রত্যাহ্বানৰ মাজতো কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধি পাইছে বুলিও গগৈয়ে দাবী কৰে। শেহতীয়া লখিমপুৰ জিলা ভ্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘তৃণমূল পর্যায়ত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে। কংগ্ৰেছৰ জনপ্রিয়তা আৰু সাংগঠনিক শক্তি বৃদ্ধি পোৱা দেখিছো। কাৰণ দলে পৰিৱৰ্তনকামী সাধাৰণ অসমীয়া ভোটাৰৰ আশা-আকাংক্ষাৰ স’তে নিজক একাকাৰ কৰিছে।’

ইপিনে, ৰাইজৰ দলৰ মিত্রতা সন্দৰ্ভত ইতিবাচক সঁহাৰি দিছে গগৈয়ে। তেওঁ কয়, ‘আমি ইতিমধ্যে ফোনযোগে প্রস্তার দিছো। সেই প্রস্তাৱক লৈ তেওঁলোকে গ্রহণ কৰা স্থিতিত মিত্ৰতাৰ বাকী সিদ্ধান্ত নিৰ্ভৰ কৰিব।’

Exit mobile version