BJP:✒️যোৰহাট সমষ্টিক লৈ কিছুদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিয়ে প্রাক্তন মন্ত্ৰী হীতেন্দ্ৰ নাথ গোস্বামীক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে আগতেই দিয়া “সাধাৰণ ঘৰৰ সন্তান”ৰ ইংগিতো এই ঘোষণাৰ স’তে মিল খাইছে।
দলীয় সূত্ৰই ইতিমধ্যে নিশ্চিত কৰিছিল যে গোস্বামীৰ নাম একপ্ৰকাৰ চূড়ান্ত, আৰু আজি সেইটো আনুষ্ঠানিকভাৱে স্পষ্ট হ’ল। ফলত, সমষ্টিটোৰ বাবে আশা কৰি থকা জ্যেষ্ঠ বিজেপি নেতা শান্তনু পূজাৰী আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত সিদ্ধাংকু অংকুৰ বৰুৱাৰ আশা একেবাৰে শেষ হ’ল বুলি ধৰা হৈছে।
এই সিদ্ধান্তৰ জৰিয়তে স্পষ্ট হৈছে যে বিজেপিয়ে এইবাৰ যোৰহাটৰ দৰে গুৰুত্বপূর্ণ সমষ্টিত কোনো ধৰণৰ বিপদ ল’ব বিচৰা নাই। বিশেষকৈ গৌৰৱ গগৈৰ প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ইতিমধ্যে শাসকীয় শিবিৰত সৃষ্টি হোৱা চাপৰ মাজতেই অভিজ্ঞ আৰু পৰীক্ষিত মুখ হিচাপে গোস্বামীক আগবঢ়োৱা হৈছে।
উল্লেখযোগ্য যে, হীতেন্দ্ৰ নাথ গোস্বামী আগতেও অগপৰ পৰা ১৯৯১ৰ পৰা একেৰাহে তিনিবাৰ যোৰহাট সমষ্টিৰ বিধায়ক আছিল। পিছলৈ তেওঁ বিজেপিত যোগদান কৰি ২০১৬ আৰু ২০২১তো পুনৰ জয়লাভ কৰে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়ত তেওঁ বিধানসভাৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল, যাৰ বাবে দলৰ ভিতৰত তেওঁৰ গ্ৰহণযোগ্যতা যথেষ্ট শক্তিশালী বুলি গণ্য কৰা হয়।
তথাপিও এই সিদ্ধান্তই দলৰ ভিতৰত অসন্তোষৰ সুৰ সম্পূৰ্ণ নোহোৱা বুলি ক’ব নোৱাৰি। শেষ মুহূর্তলৈ প্ৰাৰ্থীপদৰ দৌৰত থকা আন নেতাসকলৰ বাবে এইটো ডাঙৰ আঘাত হিচাপে দেখা গৈছে।
ইফালে, পুনৰ নিৰ্ধাৰণ হোৱা সমষ্টিৰ সীমাৰেখাই এইবাৰৰ নিৰ্বাচনী অংক অধিক জটিল কৰি তুলিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছে।






























