Santanu Bharali:✒️আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ আগতেই বিজেপিৰ ভিতৰত তীব্ৰ অসন্তোষৰ বিস্ফোৰণ দেখা গৈছে। দলৰ প্ৰাৰ্থিত্বৰ পৰা উপেক্ষিত হৈ এইবাৰ নির্দলীয় প্ৰাৰ্থীৰূপে যুঁজিবলৈ নামিছে দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতি শান্তনু ভৰালী।
নৱগঠিত নিউ গুৱাহাটী সমষ্টিত তেওঁ ইতিমধ্যে মনোনয়নপত্ৰ সংগ্ৰহ কৰাটো ৰাজনৈতিক মহলত ডাঙৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ভৰালীয়ে স্পষ্টকৈ অভিযোগ উত্থাপন কৰি কয় যে,বিজেপিয়ে তেওঁলোকৰ দৰে দীৰ্ঘদিনীয়া কৰ্মীসকলৰ স্বাভিমানত আঘাত কৰিছে। তেওঁ কয়, “কোনোবাই আজি দলত যোগদান কৰিয়েই টিকট পাব, অথচ কোনোবাই বছৰ বছৰ ধৰি সেৱা আগবঢ়ায়ো উপেক্ষিত হ’ব—এইটো গ্ৰহণযোগ্য নহয়।” এই বক্তব্যই স্পষ্টকৈ দেখুৱাইছে যে দলৰ ভিতৰত অসন্তোষ কিমান গভীৰ হৈ পৰিছে।
আৰু অধিক তীব্ৰ ভাষাত তেওঁ কয়,“সহ্যৰ এটা সীমা থাকে, আৰু সেই সীমা অতিক্ৰম হ’লেই সিদ্ধান্ত ল’ব লাগিব।” সেই কাৰণেই দলে প্ৰাৰ্থিত্ব নিদিলেও এইবাৰ তেওঁ নিজে নির্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। গুৰুত্বপূর্ণ কথাটো হৈছে,এই সিদ্ধান্ত লোৱাৰ পাছতো তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰাৰো প্রয়োজন অনুভৱ কৰা নাই, যাৰ পৰা বুজা যায় যে এইটো কেৱল বিদ্ৰোহ নহয়, বৰঞ্চ দলীয় নেতৃত্বক এক প্ৰত্যাহ্বান।
ভৰালীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বক লক্ষ্য কৰি ক্ষোভ উজাৰি কয়,কিমান নেতাৰ আদেশ পালন কৰিম? এইবাৰ ৰাইজৰ কথাহে শুনিম। ৰাইজেই ৰজা।”তেওঁ গুৱাহাটীৰ ৰাইজক পোনপটীয়া আহ্বান জনাই সমৰ্থন বিচাৰিছে।
সকলোতকৈ বিস্ফোৰক মন্তব্যটো আহিছে যেতিয়া তেওঁ ইংগিতেৰে কয়,“অহংকাৰী, মেজাজী, গুণ্ডা, অসভ্য লোকৰ পৰা গুৱাহাটীখন উদ্ধাৰ কৰাৰ বাবে এই যুঁজ।”এই বক্তব্যই বিজেপিৰ ভিতৰৰ পৰিস্থিতি আৰু নেতৃত্বৰ ওপৰত থকা অসন্তোষক একেবাৰে নগ্ন ৰূপত উন্মোচন কৰিছে।
