Pratik Bordoloi:পিতৃৰ পদাংক অনুকৰণ নকৰি কংগ্ৰেছতে থকাৰ সিদ্ধান্ত প্ৰদ্যুৎ তনয় প্ৰতীক বৰদলৈৰ

মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ প্ৰতীকৰ, দলৰ হৈ কাম কৰি যোৱাৰ অংগীকাৰ

WhatsApp Image 2026 03 19 at 11.28.09 AM

Pratik Bordoloi:

অসমৰ ৰাজনীতিত নতুন সমীকৰণ। ৰাজ্যৰ ৰাজনীতিত কাহানিও নেদেখা দৃশ্য। পিতৃৰ বিৰোধী দলৰ প্ৰাৰ্থী হ’ল পুত্ৰ। পিতৃ যদি বিজেপিত পুত্ৰ কংগ্ৰেছত ৷ এই দুয়োজনেও হৈছে সদ্য কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰি দিছপুৰ আসনৰ প্ৰাৰ্থীত্ব হোৱা প্ৰদ্যুৎ বৰদলৈ আৰু তেওঁৰে পুত্ৰ মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰতিক বৰদলৈ।

পিতৃয়ে বুধবাৰে গেৰুৱাবসন পিন্ধাৰ পিছত বিভিন্ন মহলত উচ্চাৰিত হৈছিল পিতৃ পদাংক অনুকৰণ কৰি পুত্ৰ প্ৰতীকেও গেৰুৱাবসন পিন্ধিব ৷ কিন্ত সকলোকে আচম্বিত কৰি কালি যেতিয়া বিজেপিৰ বৰঘৰত থকাৰ পিতৃ বাহৰ পাতি থকাৰ বিপৰীতে প্ৰতীকে পোনে পোনে সাক্ষাৎ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিং আৰু কৰ্ণাটকৰ উপ- মুখ্যমন্ত্ৰী তথা অসমৰ কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক ডিকে শিৱকুমাৰক৷ দুয়োৰে সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকৰ পিছতে মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিলে প্ৰতীক বৰদলৈয়ে। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ পত্ৰ লিখি প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিলেও দলৰ হৈ কাম কৰি যোৱাৰ সিদ্ধান্ত লয় প্ৰতীক বৰদলৈয়ে ৷

উল্লেখ্য যে, প্ৰদ্যুত বৰদলৈয়ে নতুন দিল্লীত বুধবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত প্ৰতীক বৰদলৈয়ে বিজেপিত যোগদান কৰিব নেকি সোধা এক প্ৰশ্নোত্তৰত প্ৰদ্যুৎ বৰদলৈয়ে স্পষ্ট কৰি দিয়ে যে মোৰ সিদ্ধান্ত পুত্ৰৰ ওপৰত জাপি দিব নোৱাৰোঁ ৷ তেওঁৰ সিদ্ধান্ত নিজেই ল’ব ৷

Exit mobile version