Himant Visha Sarma Nomination Filed:আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

খানাপাৰাৰ পৰা বিশাল ৰেলীৰে হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী

WhatsApp Image 2026 03 20 at 11.30.14 AM

Himant Visha Sarma Nomination Filed:

আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ল ৰাজনীতিৰ গৰম বতাহ ৷ সকলো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে আজিৰে পৰা দাখিল কৰিব নিজ নিজ মনোনয়নপত্ৰ ৷ গুৱাহাটীটো আজি মনোনয়নপত্ৰ দাখিল কৰিব জালুকবাৰী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে পুৱাৰে পৰা অব্যাহত থকা কিনকিনিয়া বৰষুণকো নেওচি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সমবেত হয় প্ৰায় ত্ৰিশ সহস্ৰাধিক বিজেপি সমৰ্থক ৷ ১০ বজাত মুখ্যমন্ত্ৰী পত্নী সহিতে খানাপাৰাত উপস্থিত হৈ এখন খোলা বাহনত উঠি বিশাল ৰেলীৰে আগবাঢ়ে হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ ৷ মুখ্যমন্ত্ৰীক সংগ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী মেধি কলিতা আৰু মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিনিকি ভূঞা শৰ্মাই ৷ ঢোলেদগৰে আগবাঢ়ি যোৱা সমদলৰ পৰা জিএছ ৰোডৰ দুয়ো কাষে উপস্থিত ৰাইজৰ অভিবাদনো গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে মনোনয়নপত্ৰ দাখিলৰ পূৰ্বে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী গৰাকীয়ে সহধৰ্মিনী ৰিনিকি ভূঞা শৰ্মাৰ স’তে ভুতনাথ কালি মন্দিৰত পূজা অৰ্চনা কৰাৰ লগতে আজি পুৱা নিজ মাতৃৰো আৰ্শীবাদ গ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰীৰ মনোনয়নপত্ৰ পৰ্বত অংশগ্ৰহণ কৰা সমৰ্থক সকলক আপ্যায়নৰ বাবে খানাপাৰাৰ অস্থায়ী পেন্দেলত প্ৰায় ৫০ জন কাৰিকৰে নিশাৰে পৰা দুপৰীয়া আহাৰ বনোৱাত ব্যস্ত হৈ পৰে ৷

Exit mobile version