Palasbari:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–নেতৃত্বই কথা দি কথা নৰখাৰ ক্ষোভত সমাগত নির্বাচনত নির্দলীয়ৰূপে প্রতিদ্বন্দ্বিতাৰ হুংকাৰ দিছে পলাশবাৰীৰ তিনিবাৰৰ বিধায়ক প্ৰণৱ কলিতাই। তেওঁৰ প্রতি দলৰ আন একাংশ প্রার্থিত্ব বঞ্চিতয়ো সমর্থন আগবঢ়োৱা বুলি চর্চা হৈছে।
উল্লেখ্য যে ২০০১ আৰু ২০০৬ত দুবাৰ দক্ষিণ কামৰূপ বিকাশগোষ্ঠীৰ পৰা বিধানসভালৈ নির্বাচিত হৈছিল। পাছত ২০১৬ত তেওঁ বিজেপিৰ পৰা নিৰ্বাচিত হ’ল যদিও পাবলগীয়া মর্যাদা দলৰ পৰা নাপালে। বিগত ২০২১ৰ নিৰ্বাচনত তেওঁ সমষ্টি বিধায়ক হেমাংগ ঠাকুৰীয়াক এৰি দিয়ে। ইয়াৰ বিনিময়ত এইবাৰ নেতৃত্বই সমষ্টিত প্রার্থিত্ব দিয়াৰ কথা আছিল যদিও মূৰকত নেতৃত্বই প্রতিশ্রুতি ভংগ কৰে।
ইয়াক লৈ ক্ষুব্ধ হৈ প্রাক্তন বিধায়কজনে এইবাৰ নিৰ্দলীয়ৰূপে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে মন্ত্রী পীযুষ হাজৰিকালৈ তেওঁ ফোন কৰি খবৰ লৈছে যদিও এই সিদ্ধান্তৰ বিষয়ে মন্ত্রীজনক অৱগত কৰা নাই বুলি কলিতাই প্রকাশ কৰিছে। আনহাতে, কলিতাৰ এই সিদ্ধান্তক লৈ দক্ষিণ কামৰূপ বিকাশগোষ্ঠীৰ কৰ্মকর্তাসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছে বুলি চর্চা হৈছে।






























