Sensex stock market :একেদিনাই ১২ লাখ কোটি টকা লোকচান বিনিয়োগকাৰীৰ

প্রতিদিনে বিপর্যয়,নিফটীৰো শোচনীয় অৱস্থা, ৭৭৫.৬৫ পইণ্টৰ পতন

WhatsApp Image 2026 03 20 at 2.41.03 PM

Sensex stock market :

আশংকা কৰা ধৰণে দেশৰ শ্বেয়াৰ বজাৰত প্ৰবল খহনীয়াৰ সৃষ্টি হৈছে। মধ্য প্রাচ্যৰ তুমুল যুদ্ধ, খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু দেশৰ বিদেশী পুঁজিৰ বৃহৎ বহির্গমনে সৃষ্টি কৰা চাকনৈয়াত বৃহস্পতিবাৰে ব’ম্বে শ্বেয়াৰ বজাৰৰ পৰা একেদিনাই ১২ লাখ কোটি টকা উধাও হয়। একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় শ্বেয়াৰ বজাৰতো প্রচণ্ড খহনীয়াৰ সৃষ্টি হৈছে। ছেনছেক্সৰ প্ৰায় ২৫শ পইণ্টৰ পতন ঘটে।

ফলত বৃহস্পতিবাৰে সন্ধিয়া ষ্টক এক্সচেঞ্জ বন্ধ হোৱালৈ ছেনছেক্স ৭৪,২০৭ পইন্টলৈ হ্রাস পায়। মুঠতে দিনটোতে ছেনছেক্সৰ ২,৪৯৬ পইণ্টৰ পতন ঘটে। একেদৰে আজি নিফটীৰো ৭৭৫ পইণ্টৰ পতন ঘটি ২৩,০০২ পইন্ট হয়। আজি ব’ম্বে শ্বেয়াৰ বজাৰত সৰ্বাধিক লোকচানৰ সন্মুখীন হোৱা প্রতিষ্ঠানসমূহ হৈছে এটার্ণেল, বাজাজ ফিনাঞ্চ, মহিন্দ্রা এণ্ড মহিন্দ্রা, এইছডিএফচি বেংক, লাছেন এণ্ড টুব্র’ আদি। নিফটীত কেৱল অ’এনজিচিয়ে লাভ অর্জন কৰিবলৈ সক্ষম হয়। বিশেষজ্ঞসকলে শ্বেয়াৰ বজাৰৰ এই খহনীয়াৰ বাবে মধ্য প্রাচ্যৰ যুদ্ধ, ভাৰতৰ পৰা বিদেশী পুঁজিৰ বৃহৎ বহির্গমন আৰু খাৰুৱা তেলৰ মূল্যবৃদ্ধিক কাৰকৰূপে চিনাক্ত কৰিছে।

উল্লেখ্য যে সম্প্রতি আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যই ১০৪ ডলাৰৰ ঘৰক অতিক্ৰম কৰিছে। একেদৰে চলিত মাহতে দেশৰ পৰা ৭৭,২১৪ কোটি টকাৰ বিদেশী মুদ্ৰাৰ বহির্গমন ঘটিছে। এনে কাৰকে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলক শংকিত কৰি তোলাত জোঁকাৰণিৰ সৃষ্টি হৈছে। শ্বেয়াৰ বজাৰৰ এই পতন অব্যাহত থকাৰ আশংকাও আছে।

Exit mobile version