Today’s Horoscope:দিনটোৰ ৰাশিফল

WhatsApp Image 2026 03 13 at 11.08.58 AM 1

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: চোৰ-ডকাইতৰ পৰা সাৱধান হ’ব। অৰ্থৰ নাটনি হ’ব পাৰে। অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব। শিক্ষার্থীৰ শুভ।

বৃষ: বিয়াৰ প্ৰস্তাৱ পাব পাৰে। শিক্ষার্থীৰ বাধা দেখা যায়। ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব। শুভ কাৰ্য আজি নকৰাই ভাল হ’ব। সাংসাৰিক অশান্তি বাঢ়িব।

মিথুন: অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব পাৰে। ব্যৱসায়ত লেন-দেন কৰোতে সাৱধান হ’ব। পথ দুর্ঘটনা ঘটিব পাৰে।

কর্মত নিযুক্তি হ’ব। কর্কট: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব।

আর্থিক দিশত শুভ।

সিংহ: কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব। দূৰ যাত্ৰাদিত বাধা। পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক।

কন্যা: প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ। ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব। ব্যৱসায়ত উন্নতিৰ যোগ। কর্মত অশান্তি হ’ব পাৰে।

তুলা: সু-সংযোগ লাভৰ যোগ। বিদ্যা, কর্মস্থানত শুভ ফল। দায়িত্বপূর্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক। ব্যৱসায়ত উন্নতিৰ চেষ্টা কৰক। সফল হ’ব।

বৃশ্চিক: কর্মাদিত হঠাত ব্যস্ততা বাঢ়িব পাৰে। আর্থিকভাৱে খৰচ বৃদ্ধি হ’ব। কিছুমান দুৰ্ভাৱনাই লগ ধৰিব পাৰে। কর্মব্যত আগবাঢ়িব পাৰে।

ধনু: কোনো কর্মত আনন্দ পাব পাৰে। পুৰণি বন্ধু লগ পোৱাৰ সম্ভাৱনা দেখা যায়। পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক। প্রেমত বাধা দেখা যায়।

মকৰঃ স্বাস্থ্যৰ অসুবিধা হোৱাৰ বাবে ব্যৱসায়ত সমস্যা আহিব পাৰে। পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে। নতুন কৰ্মপ্ৰেৰণা পাব।

কুম্ভ: যৌথ ব্যৱসায়ৰ আৰ্থিক লেনদেন ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ দেখা যায়।

মীন: ব্যৱসায়ৰ ক্ষেত্রত শুভ ফল দেখা যায়। প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে। নতুন গৃহ নিৰ্মাণৰ সুযোগ দেখা যায়।

Exit mobile version