Today’s Horoscope:দিনটোৰ ৰাশিফল

WhatsApp Image 2026 03 13 at 11.08.58 AM 1 1

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: উন্নত পৰিৱেশ। মানসিক দিশতো অনুকূল দেখা যায়। সা-সম্পত্তিৰ ক্ষেত্ৰত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা। কোনো সম্পদ বা সন্মানৰগৰাকীও হ’ব পাৰে। শুভ ৰং হালধীয়া।

বৃষ: প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক। জ্ঞাতি-কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্ৰ। শৰীৰ মধ্যম। বিদ্যাত যত্ন ৰাখক। শুভ ৰং ক’লা।

মিথুন: আজিও খুব উন্নত ফল নাপাব। বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব। বাধ্যাবাধকতা হ’লেও ভাবিচিন্তি নিজৰ কাম কৰম। ব্যৱসায়ত শুভ। শুভ ৰং ৰঙা।

কর্কট: এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব। পাৰিবাৰিক উন্নত। প্ৰাপ্য ধন হাতলৈ অহাৰ যোগ। বন্ধুবৰ্গৰ সহায় সহযোগ দেখা যায়। পঢ়া-শুনাত মধ্যম। দাম্পত্যত শুভ। শুভ ৰং সেউজীয়া।

সিংহ: বাধা বিঘিনি কিছু হ্রাস হ’ব পাৰে। দুপৰীয়াৰ পৰা। বাকী সময়ত সাবধান থকাটো ভাল। বিশেষকৈ প্ৰৱঞ্চকৰ পৰা ব্যৱসায় বাণিজ্যত মজলীয়া ফল। প্রেমত গতানুগতিক। শুভ ৰং কমলা।

কন্যা: শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব। য’তে একো মন্তব্য নিদিব। সমগ্র দিনটো আপোনাৰ উৎসাহজনক। শুভ ৰং বগা।

তুলা: আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই। এই ক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি অশান্বিত হ’ব। বুদ্ধিত উজুতি খাব পাৰে বাবে সাবধান হওক। ঘৰুৱা ভালেই। শিল্পীৰ উৎসাহ। শুভ ৰং নীলা।

বৃশ্চিক: খৰচ-পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব। অন্যান্য কিছুৱে সামাজিক ৰাজনৈতিক দিশত নিজৰ মতৰ সমৰ্থন পাব। পঢ়াত মন ৰাখক। দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে। শুভ ৰং মেৰুণ।

ধনু: ক্রমে দিনটো কিছু আশাপ্রদ। অৱশ্যে নিশ্চিন্তও নহয়। খুব ফৰকাল লাগি নাথাকিব। বিদ্যাত মনোযোগ বঢ়াওক। জাতি কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা। শুভ ৰং ৰঙা।

মকৰ : কৰ্মক্ষেত্ৰত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব। সৰু-সুৰা ক্লেশে আপোনাৰ মন আৰু দেহৰ প্ৰভাৱ পেলাব পাৰে। দাম্পত্যত মধ্যম সময়। শুভ ৰং সোণালী।

কুম্ভ: অস্থিৰ চিন্তা সম্পূৰ্ণ বর্জনীয়। শৰীৰ মন আৰু পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূর্ণ নহ’ব পাৰে। কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পাছত অনুকূল। প্রেমত মধ্যম। শুভ ৰং ক’লা।

মীন: অনুকূল পৰিৱেশ। বন্ধু-বান্ধৱৰ পৰা সহানুভূতি পাব। নিজৰ উন্নতিৰ বাবে কিবা চেষ্টত উন্নত অনুভৱ কৰিব। সুসংবাদত খুচি হ’ব পাৰে। দাম্পত্যত বেয়া নহ’ব। শুভ ৰং হালধীয়া।

Exit mobile version