Indian Pencak Silat Fedaration:
ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মেঘালয় পেন্চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত চলিত মাহৰ ২৬ আৰু ২৭ মাৰ্চত মেঘালয়ৰ শ্বিলং স্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ইণ্ড’ৰ ষ্টেডিয়ামত সৰ্বভাৰতীয় পৰ্য্যায়ত দুইদিনীয়াকৈ অনুষ্ঠিত হোৱা আস্মিতা খল’ ইণ্ডিয়া ছিনিয়’ৰ পেন্চাক চিলাট লীগ্:২০২৬ ত অসমে এটা সোণৰ, দুটা ৰূপৰ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে মুঠ ছয়টা পদক অৰ্জন কৰি ৰাজ্যখনক উজ্জ্বলাই তুলিছে।
ৰাজ্য খনৰহৈ শোণিতপুৰ জিলাৰ চন্দ্ৰমা মেধী ডেকাই ব্ৰঞ্জৰ পদক, ধেমাজী জিলাৰ জুচি ডেকাই সোনৰ পদক, খেম কমাৰী প্লধানে ৰূপৰ পদক, লখিমপুৰ জিলাৰ পম্পি দেউৰীয়ে ব্ৰঞ্জৰ পদক আৰু গোলাঘাট জিলাৰ মনিকা বড়োৱে ৰূপৰ পদক, বৰপেটা জিলাৰ ৰামেলা খাতুনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে প্ৰতিযোগিতাখনিৰ উদ্বোধনি অনুষ্ঠানত ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী ৱাইলড চিল্লা আৰু মেঘালয় অলিম্পিক সন্থাৰ সভাপতি জন্ এফ্ খাৰ্চিয়েং উপস্থিত থাকে আৰু আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোত্সৱ:২০২৭ ত পেন্চাক চিলাট ক্ৰীড়াৰ অন্তৰ্ভুক্তি কথা ব্যক্ত কৰে।
