Horoscope:✒️মেঘ ৰাশি: আজি কোনো শুভ কথাত মন আনন্দিত হ’ব। আর্থিক দিশত বাধা পাব পাৰে পাৰিবাৰিক দিশত শুভ। ব্যৱসায়ত বাধা। শুভ ৰং সুমথিয়া। শুভ সংখ্যা ২।
বৃষ ৰাশি: আজি কৰ্মত বাধা দেখা যায়। যাত্ৰা কৰোতে সাবধান। ব্যৱসায়ত সফলতা লাভ। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। শুভ ৰং নীলা। শুভসংখ্যা ৫।
মিথুন ৰাশি: আজি কোনো বিশেষ কামত সফল হব। শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত। সন্ধিয়া ছয় বজাৰ পাছত যাত্রা নকৰিব। প্ৰেমত সন্দেহ। শুভ ৰং সোণালী। শুভ সংখ্যা। ৭।
কর্কট ৰাশি: আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যোগ। সন্তানৰ ভৱিষ্যতৰ কাৰণে চিন্তা থাকিব। বিদ্যাত বাধা। প্রেমত শুভ। শুভ ৰং ৰঙা।শুভ সংখ্যা ৩।
সিংহ ৰাশি: আজি সন্তানৰ ওপৰত সতর্কতাৰ প্ৰয়োজন। চলা-ফুৰাত সাৱধান। পাৰিবাৰিক দিশত অশান্তিত ভূগিব পাৰে। শুভ ৰং সেউজীয়া।শুভ সংখ্যা ১।
কন্যা ৰাশি: আজি শিল্পীসকলে কর্মত সফলতা লাভ কৰিব। দিনৰ ১২ বজাৰ পাছত যাত্ৰা কৰিব। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। প্রেমত সাৱধান। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।
তুলা ৰাশি: আজি সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব। বিদ্যার্থীসকলৰ শুভ। ভ্রমণত শুভ। ব্যৱসায়ত লোকচানৰ সম্ভাৱনা। শুভ ৰং বগা। শুভ সংখ্যা ৮।
বৃশ্চিক ৰাশি: আজি কোনো কামত সফলতা লাভ। তীর্থ ভ্রমণৰ যোগ। চলা-ফুৰাত সাৱধান। বিদ্যাত উন্নতি। প্রেমত বুজা-বুজি। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৬।
ধনু ৰাশি: আজি ব্যৱসায়ত অনুকূল প্ৰভাৱ পৰিব। পাৰিবাৰিক দিশত শুভ। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। প্রেমত শুভ। শুভ ৰং মেৰুণ। শুভসংখ্যা ৭।
মকৰ ৰাশি: আজি কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ স’তে মতবিৰোধ। ভ্রমণ নকৰাই ভাল। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
কুম্ভ ৰাশি: আজি বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ যোগ। পুৱাৰ ভাগত যাত্ৰা কৰিলে শুভ হ’ব। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
মীন ৰাশি: আজি কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব।দাম্পত্যত মতবিৰোধ। যাত্রা শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৫।
