Today’s Horoscope:দিনটোৰ ৰাশিফল
মেঘ ৰাশি : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রত শুভ। বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃষ ৰাশি: আর্থিক উন্নতিৰ ক্ষেত্ৰত বাধা পাব পাৰে। ঘৰুৱা দিশত দুশ্চিন্তা। বাটে-পথে ফুৰোতে সতর্ক হওক। বিদ্যাত মধ্যম। শৰীৰৰ দুৰ্বলতা। শুভৰং বগা। শুভ সংখ্যা ৬।
মিথুন ৰাশি : কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব। সৰু-সুৰা কথাত মানসিকভাবে প্রভাৱ পেলাব। বন্ধুৰ সহায়। আর্থিক প্রাপ্তিৰ আশা। শুভ ৰং সেউজীয়া। শুভ ৰং ৮।
কৰ্কট ৰাশি : পূৰ্বদিনৰ তুলনাত আজি বহু পৰিমাণে যোগাযোগত উন্নত। শৰীৰ ভালে যাব। অৱশ্যে, আপোনাৰ হুৰমুৰীয়া স্বভাৱৰ বাবে শৰীৰৰ কিছু আহুকাল হ’ব। বিদ্যাত মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ১।
সিংহ ৰাশি: কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজে যি কৰো বুলি থিৰাং কৰিছিল সেয়া সম্পূৰ্ণ কৰাত বাধা পাব। বাকী দিশত মধ্যম। দাম্পত্যত নতুন চিন্তা থাকিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
কন্যা ৰাশি-আজি কর্মক্ষেত্ৰত ভাৱমূর্তি ঠিক থাকিব যদিও কোনো কাৰণত চিন্তা হ’ব। শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগত লাভ। বিদ্যাত মধ্যম। ভ্রমণত মধ্যম। শুভ ৰং সোণালী। শুভ সংখ্যা ৯।
তুলা ৰাশি: কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক। সাৱধান হ’লে ভয় কম। বিদ্যাত যত্নৰ ফল লাভ। শৰীৰৰ আহুকালৰ সম্ভাৱনা। দাম্পত্যত ভালেই। কর্মত আনন্দ। ভ্রমণত অমনোযোগী নহ’ব। শুভ ৰং ক’লা। শুভ
সংখ্যা ৪।
বৃশ্চিক ৰাশি : দিনটোৰ সময়ৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্ৰসৰ হ’ব পাৰে। মুঠতে কিছু অসুবিধাৰ কাৰক। জাতক-জাতিকাই সাৱধান থাকিলে ভাল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
ধনু ৰাশি : উন্নত দিনৰ অনুমান। যোগাযোগত মধ্যম। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব। বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। বিদ্যাত মধ্যম। শিক্ষক, বুদ্ধিজীৱীৰ আনন্দ। শুভ ৰং ক’লা। শুভসংখ্যা ৯।
মকৰ ৰাশি : ভঙা-পতা কৰি ভাল পাব। পুৰণি পৰিৱেশ সলনিৰ প্ৰতি মন দিব। ভ্রমণত সষ্টম হওক। কিন্তু, কোনো প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ লাভ। যিসকল যোগ্য সম্মান লাভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৫।
কুম্ভ ৰাশিঃ ৰুক্ষ চিন্তা। অত্যধিক খৰচ হ’লেও আয় থাকিব। পঢ়া-শুনাত মনোযোগ দিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে। লোহা, লস্ক, ইস্পাত, কাঠ, কয়লা ৰসায়নত লাভ। পদমর্যাদা লাভ। শুভ ৰং হালধীয়া। শুভসংখ্যা ২।
মীন ৰাশি: আর্থিক যোগাযোগত কিছুদিন উপকৃত হোৱাৰ লগতে খৰচ। মতান্তৰ হোৱা কথাত মন নিদিব। শৰীৰ মধ্যম। সৰু-সুৰা বাৰ্তাক গুৰুতৰ বুলি নলব। ভ্রমণত সাৱধান। নতুন সম্পদ ক্রয়। শুভ ৰং সোণালী। শুভসংখ্যা ৬।
