Five State Assembly Election:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স;–সংসদ-বিধানসভা আদিলৈ যাতে অপৰাধ-অপকর্মত লিপ্ত লোক নির্বাচিত হ’ব নোৱাৰে তাৰ বাবে উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি লোৱাৰ পাছতো অসমত একপ্ৰকাৰ ৰাজনীতিৰ অপৰাধকৰণ অব্যাহত আছে।
চলিত বিধানসভা নির্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা দলীয়-নির্দলীয় মুঠ ৭২২ প্রার্থীয়ে নির্বাচন আয়োগক দাখিল কৰা শপতনামাৰ তথ্যৰ বিশ্লেষণ কৰি এছ’চিয়েছন ফৰ ডেম ‘ক্রেটিক বিছাৰ্চ (এডিআৰ) শীর্ষক সংস্থাই পোহৰলৈ আনিছে যে এই প্রার্থীসকলৰ ১৩ শতাংশৰ বিৰুদ্ধে বিভিন্ন অপৰাধৰ গোচৰ ৰুজু হৈ আছে। এনে অপৰাধৰ মাজত হত্যা, হত্যাৰ চেষ্টা চলোৱা, নাৰীৰ বিৰুদ্ধে অপৰাধৰ দৰে জঘন্য অপৰাধো আছে। এডিআৰে প্ৰকাশ কৰা অনুসৰি এই নিৰ্বাচনত সকলো বৃহৎ দলেই অপৰাধৰ গোচৰত অভিযুক্ত হৈ থকা লোকক প্রার্থিত্ব প্রদান কৰিছে। এনেদৰে বিভিন্ন দলে ন শতাংশৰ পৰা ৩৭ শতাংশ পর্যন্ত অপৰাধৰ গোচৰত অভিযুক্তক দলীয় প্রার্থিত্ব প্রদান কৰিছে। বাধ্যত পৰি অপৰাধত অভিযুক্ত প্ৰাৰ্থীসকলে তেওঁলোকৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ কথা নিৰ্বাচন আয়োগক জনাবলগীয়া হৈছে। এডিআৰৰ বিশ্লেষণত পোহৰলৈ অহা অনুসৰি কংগ্ৰেছৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৯৯ জন প্ৰাৰ্থীৰ আঠজন অর্থাৎ ন শতাংশৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈ আছে। একেদৰে বিজেপিৰ ৯০ জন প্ৰাৰ্থীৰ মাজৰ নজন (৩০ শতাংশ), অগপৰ ১৩ জনৰ দুজন (১৫ শতাংশ), ৰাইজৰ দলৰ ১০ জনৰ দুজন, অসম জাতীয় পৰিষদৰ এজনৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈ আছে। এইসকলৰে আঠজনে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ বিৰুদ্ধে হত্যা (ভাৰতীয় দণ্ড বিধিৰ ৩০২ তথা ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰাত) গোচৰ ৰুজু হৈ আছে। একেদৰে আন নজনে ৰাজহুৱা কৰা অনুসৰি তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱা (ভাৰতীয় দণ্ড বিধিৰ ৩০৭ তথা ভাৰতীয় ন্যায় সংহিতাৰ ১০৯ ধাৰাত) গোচৰ ৰুজু হৈ আছে। আনহাতে, দুজন প্ৰাৰ্থীৰ বিৰুদ্ধে নাৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈ আছে।
ইপিনে, এই নিৰ্বাচনৰ সবাতোকৈ চহকী প্রার্থীৰূপে চিহ্নিত হৈছে হাইলাকান্দি সমষ্টিৰ কংগ্ৰেছ প্রার্থী ৰাহুল ৰয়। ৰয়ে ঘোষণা কৰা মুঠ সম্পত্তিৰ মূল্য হৈছে ২৬১ কোটি টকা। সম্পত্তিৰ দিশৰ পৰা সপ্তম স্থানত আছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। তেওঁ ঘোষণা কৰা সম্পত্তিৰ মুঠ মূল্য হৈছে ৩৫ কোটি টকা। আনহাতে, সম্পত্তিৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা বদৰুদ্দিন আজমলৰ সম্পত্তিৰ মুঠ মূল্য হৈছে ২২৬ কোটি টকা।
ইপিনে, এইবাৰৰ নিৰ্বাচনত বিভিন্ন দলে বহুসংখ্যক কোটিপতিক প্রার্থিত্ব প্ৰদান কৰিছে। এডিআৰৰ বিশ্লেষণ অনুসৰি শাসকীয় বিজেপিৰ ৯০ প্ৰাৰ্থীৰ ৭৯ জনে হৈছে কোটিপতি। একেদৰে বিৰোধী কংগ্ৰেছৰ ৯৯ প্ৰাৰ্থীৰ ৬০ জন হৈছে কোটিপতি। এআইইউডিএফৰো ছজন প্রার্থী কোটিপতি।
