চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাছত প্রথম এবছৰ বা দুবছৰ ব্যক্তিসকলে এক ধৰণৰ নীৰৱতা অৱলম্বন কৰা সততে পৰিলক্ষিত হয়। আপুনি নিশ্চয় নিজৰ পিতৃ, ককা বা আনৰ ক্ষেত্ৰত এনে ঘটনা লক্ষ্য কৰিছে। কিন্তু এনে এজন ব্যক্তিয়ে কিয় এনে ধৰণৰ নীৰৱতা অৱলম্বন কৰে তাৰ উত্তৰ সম্ভৱতঃ আপোনাৰ ওচৰত নাই।
অৱসৰৰ পাছত পুৰুষে কৰা এনে আচৰণ সম্পর্কে শেহতীয়াকৈ এক ব্যাখ্যা আগবঢ়াইছে মনোবিজ্ঞানীয়ে। মনোবিজ্ঞানীৰ মতে এনে এজন ব্যক্তিয়ে ক’বলৈ একো নথকাৰ বাবে নহয়, তেওঁলোকে সুদীর্ঘ কাল ধৰি বহন কৰি অহা একমাত্র পৰিচয়টো হেৰুৱাবলগীয়া হোৱাৰ বাবেহে অৱসৰৰ পাছত এনে আচৰণ কৰে। অর্থাৎ চাকৰিৰ পদবী এইসকলৰ মূল পৰিচয় আছিল। অৱসৰৰ পাছত সেই পৰিচয় আৰু নাথাকে।
সেয়েহে তেওঁলোকে চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ এবছৰ-দুবছৰ পাছলৈকে নীৰৱে সময় কটাবলৈ ভাল পায়। এনে সময়ত তেওঁলোকে নিজৰ মাজত এক শূন্যতা অনুভৱ কৰে। এই শূন্যতা তেওঁলোকে সুদীর্ঘ জীৱনত পূর্বে কেতিয়াও অনুভৱ কৰা নাছিল। অৱসৰে সৃষ্টি কৰা পৰিৱৰ্তিত পৰিস্থিতিৰ স’তে খাপ খুৱাবলৈ সময় লয়। মনোবিজ্ঞানীৰ মতে এনে অৱস্থাত পুৰুষৰ মনস্তত্ত্বত এক অসহজবোধৰ সৃষ্টি হয়। অবশ্যে তেওঁলোকে নীৰৱতা অবলম্বন কৰিলেও সিয়ে তেওঁলোকক শাস্তি আৰু সন্তুষ্টি নিদিয়ে।
এনে অবস্থাতে তেওঁলোকে লাহে লাহে পৰিস্থিতিৰ স’তে নিজক খাপ খুৱাবলৈ যত্ন কৰে। এই সম্পর্কত এক্সপ’র্ট একাডেমিক সংস্থাই মতপোষণ কৰিছে যে অৱসৰৰ পাছত পুৰুষসকলে এক ধৰণৰ পৰিচয়ৰ সংকটত ভোগে। কাৰণ চাকৰিৰ পদবীৰ জৰিয়তে তেওঁলোকে সমাজত এটা পৰিচয় অর্জন কৰিছিল। এক নির্দিষ্ট বয়সত এই পৰিচয় তেওঁলোকে হেৰুৱাবলগীয়া হয়।
অৱসৰৰ পাছত ব্যক্তিৰ এনে পৰিৱৰ্তন সম্পৰ্কত ‘ছেজ জার্ণেলছ’ শীর্ষক এক আলোচনীয়ে ২০২৫ত এক অধ্যয়ন সম্পন্ন কৰে। এই অধ্যয়নত দেখা যায় যে অৱসৰপ্ৰাপ্ত বহুতে ‘পৰিচয়’ হেৰুওৱাৰ পাছত নিজৰ পৰিচয় আকৌ সমাজত গঢ়ি তোলাত ব্রতী হয়। উক্ত অধ্যয়ন অনুসৰি অৱসৰপ্ৰাপ্তসকলে আৰম্ভণিৰ অৱস্থাত তিনিটা মূল প্রত্যাহ্বানৰ সন্মুখীন হয়। এই তিনি প্রত্যাহ্বান হৈছে পৰিচয়, সামাজিক, ভাব বিনিময় আৰু স্বতন্ত্রতা। লক্ষ্যণীয়ভাবে এজন ব্যক্তিয়ে নিজৰ চাকৰি বা পদৰ জৰিয়তে এই তিনিওটা আহৰণ কৰে।
অভিযন্তা, প্ৰবন্ধক আদিৰ দৰে উচ্চখাপৰ চাকৰি কৰা বা বিশাল ব্যৱসায়ক নেতৃত্ব দিয়া সকলৰ কমই মৰ্যাদাৰ পৰিচয়সূচক হৈ পৰে। কিন্তু অৱসৰৰ পাছত এই মর্যাদা তেওঁলোকে হেৰুওৱা বুলি অনুভৱ কৰে। তদুপৰি অৱসৰৰ পাছত বন্ধুত্বৰ ক্ষেত্ৰতো এক সমস্যাই দেখা দিয়ে। দীর্ঘকাল কর্ম ব্যস্ততাৰে পাৰ কৰা অৱস্থাত কর্মসূত্রে বহুতৰে স’তে পৰিচয় তথা বন্ধুত্ব গঢ়ি উঠিলেও অৱসৰৰ পাছত এইসকলৰ স’তে ক্ৰমাৎ বিচ্ছিন্ন হ’বলৈ ধৰে।
অৱশ্যে যিসকলে কৰ্মৰত অৱস্থাতে সমাজৰ স’তে দৃঢ় সম্পর্ক গঢ়ি তোলে সেইসকলৰ ক্ষেত্রত এনে সমস্যাই দেখা নিদিয়ে বা দেখা দিয়াৰ সম্ভাৱনা ক্ষীণ হয়। গৱেষকসকলে আঙুলিয়াই দিছে যে একেধৰণৰ কামত নিয়োজিতসকলৰ মাজত বন্ধুত্ব গঢ়ি উঠে আৰু ভাবৰ আদান-প্রদান ঘটে। আনকি বহু সময়ত এনে সম্পর্ক আবেগিক অন্তৰংগতাও গঢ়ি উঠে। ছার্ভে চেন্টাৰ অন আমেৰিকান লাইফ শীৰ্ষক সংস্থাৰ তথ্য অনুসৰি পুৰুষৰ তুলনাত নাৰীৰ সামাজিক সম্পর্ক অধিক ক্ষিপ্ৰতাৰে স্থাপন হয়।
আনকি উক্ত সংস্থাৰ সমীক্ষাত প্রকাশ পাইছে যে প্রতি পাঁচজন আমেৰিকানৰ এজনৰে কোনো সামাজিক সম্পর্ক নাথাকে। স্বাভাৱিকতে এনে পুৰুষে অৱসৰৰ পাছত এক ধৰণৰ নিঃসংগতাতো ভুগিবলগীয়া হয়। মনৰ ভাব বিনিময়ৰ বাবে তেওঁলোকে বিশ্বস্ত ব্যক্তি বিচাৰি নোপোৱা হয়। ইয়ে এনে এজন ব্যক্তিক নীৰৱে অকলশৰীয়া জীৱন কটাবলৈ বাধ্য কৰি তোলে।
আনহাতে, ষ্টেণ্ডফ’র্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণা অনুসৰি পৈতৃক পুৰুষতান্ত্রিকতাই পুৰুষসকলৰ মাজত আন্তৰিক সম্পৰ্ক গঢ়ি উঠাত হেঙাৰৰ সৃষ্টি কৰে। এক গৱেষণাত লগতে আঙুলিয়াই দিছে যে যুৱ অৱস্থাত থকা অন্তৰংগ বন্ধুসকলৰ স’তেও বয়স বৃদ্ধিৰ লগে লগে পুৰুষসকলৰ সম্পৰ্কৰ মাত্রা হ্রাস পায়। ইয়ে অৱসৰৰ পাছত এনে পুৰুষক নিঃসংগতাৰ ফালে ঠেলি দিয়ে।
গতিকে পুৰুষতান্ত্রিকতাও এই ক্ষেত্রত এক ধৰণৰ ক্ষতিকাৰক দিশৰূপে চৰ্চিত হৈছে। এই সম্পর্কত ছাইক’লজি টুডে শীর্ষক আলোচনীয়ে ৭১ বছৰ বয়সৰ ২৩৫ জন পুৰুষক লৈ চলোৱা গৱেষণাত দেখা গ’ল যে বয়স বৃদ্ধিৰ লগে লগে এই পুৰুষসকলৰ মাজত আবেগিক সম্পর্ক হ্রাস পাইছে। এই সকলো পুৰুষ হার্বার্ড বিশ্ববিদ্যালয়ৰ ছাত্র আছিল।
