হেলিকপ্টাৰ বিজুতিৰ বাবে গোলকগঞ্জত অমিত শ্বাহৰ নিৰ্বাচনী সভা বাতিল

6891c98847569 amit shah becomes longest serving union home minister in indian history 05061133 16x9 1

Amit Shah:✒️হেলিকপ্টাৰ বিজুতিৰ বাবে গোলকগঞ্জত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ নিৰ্বাচনী সভা বাতিল কৰা হৈছে। নিৰ্ধাৰিত সময়ত তেওঁ সভাস্থলীত উপস্থিত হ’ব নোৱাৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তথ্য অনুসৰি, প্ৰযুক্তিগত সমস্যাৰ বাবে শ্বাহে ব্যৱহাৰ কৰা হেলিকপ্টাৰখন উৰণৰ বাবে উপযুক্ত নোহোৱাৰ ফলতেই এই অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ ফলত গোলকগঞ্জত বৃহৎ সমাবেশত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা বাতিল কৰিবলগীয়া হয়।

তথাপিও নিৰ্বাচনী প্ৰচাৰত ব্যাহত নহ’বলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দুধনৈৰ অস্থায়ী হেলিপেডৰ পৰা অমিত শ্বাহে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে গোলকগঞ্জৰ নিৰ্বাচনী সভাক সম্বোধন কৰিব ।

এই ঘটনাই নিৰ্বাচনী সূচীত সামান্য পৰিৱৰ্তন আনিলেও দলীয় কৰ্মী আৰু সমৰ্থকসকলৰ মাজত উৎসাহ অব্যাহত আছে বুলি দলীয় সূত্ৰে প্ৰকাশ কৰিছে।

Exit mobile version