Samaguri Incident:নিশা নগাঁৱৰ চামগুৰিৰ ১নম্বৰ কাঠপাৰাত উত্তপ্ত পৰিস্থিতি

গণ প্ৰহাৰত দুই ডকাইতৰ মৃত্যু

WhatsApp Image 2026 04 06 at 11.14.39 AM

Samaguri Incident:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–নিশা নগাঁৱৰ চামগুৰিৰ ১নম্বৰ কাঠপাৰাত উত্তপ্ত পৰিস্থিতি। গণ প্ৰহাৰত দুই ডকাইতৰ মৃত্যু I ডকাইতি কৰিব আহি ৰাইজৰ ৰোষত পৰে চাৰি ডকাইত।

মুজ্জামেল নামৰ লোকজনৰ ঘৰত নিশা ১০-১২ জনীয়া এটি ডকাইতৰ দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ডকাইতক প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই অহাত ডকাইতৰ দলটিয়ে পলাবলৈ চেষ্টা কৰে যদিও ৰাইজে খেদি খেদি আটক কৰে চাৰি ডকাইতক। ৰাইজে খেদি খেদি আটক কৰা ডকাইত কেইটাক উত্তম -মধ্যম সোধাই গতাই দিয়ে আৰক্ষীক।

গণ প্ৰহাৰত লেবেজান হৈ পৰা ডকাইত কেইটাক সংকটজনক অৱস্থাত আৰক্ষীয়ে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও দুজন ডকাইত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহত দুটা ডকাইতৰ ভিতৰত এটা ৰূপহীহাট আৰক্ষী থানাৰ অধীনস্থ কদমগুৰিৰ চফিউল্লা আৰু আনটো বৰ্তমানলৈকে চিনাক্ত হোৱা নাই।

আহত ডকাইত দুটা হ’ল ৰুপহীহাট আৰক্ষী থানাৰ অধীনস্থ কদমগুৰিৰ মহম্মদ ইনামুল আৰু পূৱ লৰিমুখৰ মহমদ ৰেকিব বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এতিয়াও চেপা উত্তেজনা অব্যাহত।

Exit mobile version