Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: উন্নত পৰিৱেশ। মানসিক দিশতো অনুকূল দেখা যায়। সা-সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা। কোনো সম্পদ বা সম্মানৰ গৰাকীও হ’ব পাৰে। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ২।
বৃষ: প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক। জ্ঞাতি-কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক। শৰীৰ মধ্যম। বিদ্যাত যত্ন ৰাখক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।
মিথুন: আজিও খুব উন্নত ফল নাপাব। বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব। বাধ্যবাধকতা হ’লেও ভাবি-চিন্তি নিজৰ কাম কৰক। ব্যৱসায়ত শুভ। শুভ বৰং হালধীয়া। শুভ সংখ্যা ৫।
কর্কট: এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব। পাৰিবাৰিক উন্নত। প্রাপ্য ধন হাতলৈ অহাৰ যোগ। বন্ধুবৰ্গৰ সহায়-সহযোগ দেখা যায়। পঢ়া-শুনাত মধ্যম। দাম্পত্যত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৫।
সিংহ: বাধা বিঘিনি কিছু হ্রাস হ’ব পাৰে। দুপৰীয়াৰ পৰা বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্ৰৱঞ্চকৰ পৰা। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। প্রেমত গতানুগতিক। শুভ ৰং কমলা। শুভ সংখ্যা ১।
কন্যা: শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব। য’তে-ত’তে একো মন্তব্য নিদিব। সমগ্র দিনটো আপোনাৰ উৎসাহজনক। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।
তুলা: আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই। এই ক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি আশান্বিত হ’ব। বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক। ঘৰুৱা ভালেই। শিল্পীৰ উৎসাহ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।
বৃশ্চিক: খৰচ-পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব। অন্যান্য কিছুৱে সামাজিক-ৰাজনৈতিক দিশত নিজৰ মতৰ সমৰ্থন পাব। পঢ়াত মন ৰাখক। দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে। শুভ ৰং ক্রীম। শুভ সংখ্যা ৫।
ধনু: ক্রমে দিনটো কিছু আশাপ্রদ। অৱশ্যে নিশ্চিন্তও নহয়। খুব ফৰকাল লাগি নাথাকিব। বিদ্যাত মনোযোগ বঢ়াওক। জাতি-কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
মকৰ: কৰ্মক্ষেত্ৰত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব। সৰু-সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্ৰভাৱ পেলাব পাৰে। দাম্পত্যত মধ্যম সময়। শুভ ৰং আকাশী। শুভ সংখ্যা ১।
কুম্ভ: অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়। শৰীৰ মন আৰু পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূর্ণ নহ’ব পাৰে। কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পাছত অনুকূল। প্রেমত মধ্যম। শুভ ৰং কমলা। শুভ সংখ্যা ৪।
মীন: অনুকূল পৰিৱেশ। বন্ধু-বান্ধৱৰ পৰা সহানুভূতি পাব। নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব। সুসংবাদত খুচি হ’ব পাৰে। দাম্পত্যত বেয়া নহ’ব। শৰীৰ মধ্যম। বিদ্যাত যত্ন ৰাখক। শুভৰং সেউজীয়াা। শুভ সংখ্যা-৩।
