Reservation for Women-Constituency Redetermination-Increase in Lok Sabha Seats Bill:লোকপিয়ল অবিহনে আসন বৃদ্ধিৰ অভিসন্ধি

মহিলাৰ বাবে সংৰক্ষণ-সমষ্টি পুনৰনিৰ্ধাৰণ-লোকসভাৰ আসন বৃদ্ধিৰ বিধেয়ক উত্থাপন, ৮৫৩লৈ লোকসভাৰ আসন বৃদ্ধিৰ সংখ্যাটো কোনে নিৰ্ধাৰণ কৰিলে: প্রশ্ন গৌৰৱ গগৈৰ

WhatsApp Image 2026 04 17 at 12.55.03 PM

Reservation for Women-Constituency Redetermination-Increase in Lok Sabha Seats Bill:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহিলা সংৰক্ষণ বিধেয়কক ঢালৰূপে ব্যৱহাৰ কৰি বিজেপি চৰকাৰে নিজৰ সুবিধা অনুযায়ী সমষ্টি পুনৰ নির্ধাৰণৰ অভিসন্ধি ৰচনা কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰি উত্তাল কৰে সংসদৰ বিশেষ অধিবেশনত। কেন্দ্রীয় চৰকাৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদত এই তিনিদিনীয়া বিশেষ অধিবেশনত মহিলাৰ বাবে আসন সংৰক্ষণ, সমষ্টি পুনৰ নির্ধাৰণ আৰু লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি সম্পর্কীয়তিনিখন বিধেয়ক উত্থাপন কৰে।

বিৰোধীয়ে মহিলা সংৰক্ষণৰ নামত শাসকীয় পক্ষই ত্রুটিযুক্ত সমষ্টি পুনৰ নির্ধাৰণ বিধেয়ক গৃহীত কৰি গণতন্ত্রক মযিমূৰ কৰিব বিচৰা বুলি সংসদত সৰৱ হয়। মহিলা সংৰক্ষণৰ ছদ্মবেশ ধাৰণ কৰি বিজেপিয়ে নিজৰ ইচ্ছা অনুসৰি আসনৰ সংখ্যা বৃদ্ধিৰ অভিসন্ধিৰে পতন্ত্ৰৰ ওপৰত কুঠাৰাঘাত কৰা বুলিও তীক্ষ্ণ সমালোচনাত মুখৰ হয় বিৰোধী।

ইপিনে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে যিসকলে মহিলা সংৰক্ষণৰ বিৰোধিতা কৰিছে দেশৰ ৰাজনৈতিক মানচিত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন কৰিবলৈ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ ভাষ্য অনুসৰি, সংসদত মহিলাসকলৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা হ’ব। তদুপৰি লোকসভাৰ আসনৰ পুনৰ বিন্যাস কৰিবলৈ সাজু হৈছে শাসক পক্ষ। ইয়াৰ দ্বাৰা লোকসভাত আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮৫৩ কৰা হ’ব। বিবোধৰ মতে, দীর্ঘদিনীয়া মহিলা আসন সংৰক্ষণৰ আঁৰত বিতর্কিত সমষ্টি নির্ধাৰণ কৰিবলৈ পাং পাতিছে বিজেপিয়ে। ইয়াকে লৈ দেশৰ বাজনৈতিক মহল উত্তাল হৈছে। আজিবে পবা আবম্ভ হোৱা সংসদব বিশেষ অধিবেশন তিনিদিন ধৰি অব্যাহত থাকিব। বাজেট অধিবেশনৰ এই বিশেষ পর্বত সংসদত লোকসভাৰ পুনৰ বিন্যাস আৰু মহিলা সংৰক্ষণ আইনত সংশোধনী বিধেয়ক উত্থাপন কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ সক্ৰিয় হৈছে। ২০২১ৰ লোকসভা নির্বাচনত এই মহিলা সংৰক্ষণ আইন ৰপায়ণ কৰাৰ উদ্দেশ্যে উত্থাপন কৰা এই বিধেয়কৰ নাম হৈছে ‘নাবী শক্তি বন্দন অধিনিয়ম’।

কংগ্ৰেছৰ মুৰব্বী মল্লিকার্জুন খগেই আজি সমষ্টি পুনৰ নিৰ্ধাৰণ, লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি আৰু সংসদ তথা বিধানসভাত মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষণক লৈ শাসক পক্ষক তীব্র আক্রমণ কৰে। আজি তিনিখন বিধেয়ক সংসদত উপস্থাপন কৰা হয়। বিজেপিয়ে ত্রুটিপূর্ণ সমস্যা পুনৰ নিৰ্ধৰণৰ বাবে মহিলাৰ সংৰক্ষণ বিধেয়ক ঢাল হিচাপে ব্যৱহাৰ কৰা বুলি বিৰোধীয়ে অভিযোগ কৰিছে। খাগেই কয়, মহিলা সংৰক্ষণৰ ছদ্মবেশ ধাৰণ কৰি ত্রুটিযুক্ত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত কৰিবলৈ সংসদক ব্যৱহাৰ কৰিবলৈ বিৰোধীয়ে কেতিয়াও অনুমতি নিদিয়ে। আমি গণতন্ত্ৰৰ ওপৰতে নিৰ্যাতনৰ বাবে যুঁজ দিম।’ ইপিনে, কংগ্রেছ সাংসদ শশী থাৰুৱে কয়, ‘চৰকাৰে সমষ্টি পুনব নির্ধাৰণ আৰু শাসক পক্ষৰ শক্তিশালী স্থিতি থকা অঞ্চলসমূহত আসনৰ সংখ্যা বৃদ্ধিৰ পৰিকল্পনা ৰচিছে। মহিলা সংৰক্ষণৰ গইনা লৈ এই কাম কৰিবলৈ বিচাৰিছে চৰকাৰে ২০২৩ত ইতিমধ্যে চৰকাৰী পক্ষই উত্থাপন কৰা সাংবিধানিক সংশোধনীক পুনৰ সংশোধন কৰিবলৈ চেষ্ট কৰিছে। ইপিনে, চৰকাৰৰ মতে সমষ্টি পুনৰ নির্ধাৰণ আৰু মহিলা আসন সংৰক্ষণ সংযোগ কৰাৰ প্রয়োজনীয়তা আছে। ২০২৯ৰ ভিতৰত মহিলাৰ ৩৩ শতাংশ আসন কার্যকৰী কৰা হ’ব বুলি চৰকাৰে কয়।

আইন মন্ত্রী অর্জুনৰাম মেঘৱালে বৃহস্পতিবাৰে সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়ক ২০২৬, সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেন্দ্রয় শাসিত অঞ্চলসমূহ আইন সংশোধনী বিধেয়ক উত্থাপন কৰাৰ লগে লগে তীব্র হুলস্থূলৰ সৃষ্টি হয় সংসদত। লোকসভাত বিৰোধী আৰু শাসক পক্ষৰ মাজত তীব্র বাদানুবাদ হয়। প্রায় ৪০ মিনিটজোবা অগ্নিবৰষা বিতৰ্কৰ পাছত বিধেয়ক উত্থাপন কৰিবলৈ সক্ষম হয় চৰকাৰ পক্ষ। বিৰোধীয়ে মহিলা সংৰক্ষণৰ বাবে সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়ক উত্থাপনৰ ক্ষেত্ৰত ভোটগ্রহণৰ দাবী জনায় বিৰোধীয়ে। তুমুল বিতৰ্কৰ পাছত বিধেয়ক উত্থাপনৰ পক্ষত ২৫১ জন আৰু বিৰোধিতা কৰি ১৮৫ জন সাংসদে ভোটদান কৰে। কংগ্ৰেছ সাংসদ কে চি বেণুগোপালে বিধেয়ক উত্থাপনব তীব্র বিরোধিতা কৰি কয় যে কিছুমান অভিসন্ধি বচি শাসক পক্ষই দেশৰ সাংবিধানিক গাঁথনি সালসলনি কৰিবলৈ বিচাৰিছে। তেওঁ কয়, ‘কেন্দ্রীয় মন্ত্রী অর্জুন ৰাম মেঘৱাল আৰু অমিত শ্বাহে উত্থাপন কৰা বিধেয়কৰ মই তীব্র বিরোধিতা কৰো। এই বিধেয়ক দেশৰ যুক্তৰাষ্ট্ৰ গাঁথনিত আক্রমণ। এই বিধেয়কৰ প্ৰকৃত উদ্দেশ্য কি?

ইপিনে, সমাজবাদী পার্টিব মুৰব্বী অখিলেশ যাদৱে মহিলাব সংৰক্ষণ নীতিগতভাৱে সমর্থন কবে যদিও ইমান খবধৰকৈ বিধেয়ক উপস্থাপনৰ আঁৰত কি পৰিকল্পনা আছে বুলি তেওঁ সন্দেহ প্রকাশ কৰে। তেওঁ কয় যে চৰকাৰে প্ৰথমে লোকপিয়ল সম্পন্ন কৰিব লাগে আৰু তাৰ পাছতে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় সংশোধনীৰ বাবে আগবাঢ়িব লাগে। পুৰণি জনসংখ্যাৰ তথ্যৰে কিয় চৰকাৰে আগবাঢ়িছে বুলি তেওঁ প্রশ্ন কৰে। অখিলেশে কয়, ‘চৰকাৰৰ ইমান খণেদা কিয়? আমি মহিলাৰ সংৰক্ষণ বিধেয়কৰ পক্ষত আছো। তেওঁলোকে লোকপিয়ল নিবিচাৰে কিয়নো তেতিয়া আমি জাতিগত সংৰক্ষণ দাবী কৰিম। চৰকাৰে বিপথে পৰিচালিত কৰিব বিচাৰিছে।’

ইপিনে, কংগ্রেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে চৰকাৰক তীব্র সমালোচনা কৰে আৰু অভিযোগ কৰে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ স’তে সংযোগ কৰি দৰাচলতে চৰকাৰে মহিলা সংৰক্ষণ ৰূপায়ণত বিলম্ব কৰাৰ উদ্দেশ্যে বাধাৰ সৃষ্টি কৰিছে। তেওঁ দাবী কবে যে বৰ্তমানৰ লোকসভাব আসন অনুসৰিয়েই তাৎক্ষণিকভাবে মহিলা সংবক্ষণ প্রযোজ্য হ’ব লাগে। মহিলা সংৰক্ষণৰ নামত পাছ দুৱাৰেদি চৰকাৰে সমষ্টি পুনৰ নির্ধাবণ কৰিবলৈ বিচাৰিছে বুলি তীব্র আক্রমণ কৰে গৌৰৱে। তেওঁ কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্র আক্রমণ কৰি কয়, ‘আপোনালোকে বাৰে বাৰে মহিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিছে। ২০২৩ত আমাৰ কথা যদি শুনিলেহেঁতেন তেন্তে ২০২৪ত মহিলা সংবক্ষণ প্রযোজ্য হ’লহেঁতেন। বর্তমানে থকা লোকসভাৰ আসন ৫৪৩ খনৰ শক্তিতে মহিলা সংৰক্ষণ প্রযোজ্য হোৱা উচিত। ইয়াক সমষ্টি পুনৰ নিৰ্ধাৰণৰ স’তে সংযোগ কৰিব নালাগে। এই বিধেয়কখন মহিলাৰ সংৰক্ষণৰ বাবে নহয়, পাছ দুৱাৰেদি সমষ্টি পুনৰ নিৰ্ধৰণৰ বাবে এইখন বিধেয়ক।’

গৌৰৱে কয়, ‘কোনো লোকপিয়ল নোহোৱাকৈয়ে ৮৫৩ খন আসন বৃদ্ধি! এই সিদ্ধান্ত কোনে ল’লে?’ তেওঁ অভিযোগ কৰে যে চৰকাৰে সাংবিধানিক বিধি অতিক্রম কৰিছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক ৰাজনৈতিক অস্ত্রৰূপে ব্যৱহাৰ কৰিছে। গৌৰরে শাসক পক্ষক চোকা সমালোচনা কৰি সংসদত কয়, ‘২০২৩ত আপোনালোকবে চৰকাৰ আৰু ২০২৬তো আপোনালোকবে চৰকাৰ। ২০২৩ত আপোনালোকে কৈছিল যে লোকপিয়ল হ’ব, সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব আৰু তাৰ পাছত মহিলা আসন সংৰক্ষণ কৰা হ’ব। আজি আপোনালোকে কৈছে যে লোকপিয়লৰ পূর্বে মহিলা আসন সংৰক্ষণ কৰিবলৈ চেষ্ট কৰিব লাগে।’ গৌৰৱে কয় যে বিৰোধীয়ে ঐক্যবদ্ধভাৱে লোকপিয়লৰ স’তে জাতিগত পিয়ল দাবী কৰাৰ বাবেই চৰকাৰে এতিয়া যিকোনো প্রকারে মহিলা সংবক্ষণৰ নামত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ খৰখেদা লগাইছে।

তেওঁ কয় যে বিৰোধীৰ প্ৰবল হেঁচাৰ বাবে বাধ্যত পৰি চৰকাৰে জ্ঞাতিগত গণনা কৰিব বুলি কৈছে। তেওঁ কয়, ‘সদনৰ বাহিৰত আমাক লৈ বিভিন্ন অভিযোগ কৰা হৈছে। আৰবান নক্সাল, দেশদ্রোহী, দেশ বিভাজনকাৰী আৰু ক’ত কি!’ দেশৰ জনজাতি, পাছগৰা শ্ৰেণীৰ মানুহে ভাতিগত পিয়ল বিচৰা বুলি চৰকাৰ জ্ঞাত হোৱাৰ পাছতহে উপায়হীন হৈ জাতিগত পিয়লত সন্মতি প্রদান কৰা বুলি গোবরে সমালোচনা কৰে। গৌৰৱে কয়, ‘প্রকৃতার্থত আপোনালোকে জাতিগত পিয়ল কৰিব নিবিচাবে। মহিলা সংৰক্ষণ ৰূপায়ণ কৰিবলৈ আপোনালোকে সমষ্টি পুনৰ নিৰ্ধাৰণক মোহাৰি পেলাবলৈ বিচাৰিছে। এই বিধেয়কত লোকসভাৰ আসনৰ সংখ্যা ৮৫৩ লৈ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে। এই সংখ্যা ক’ৰ পৰা আহিল?

কোনে ইয়াক নির্ধাৰণ কৰিলে। সেয়ে আমি এই বিধেয়কৰ বিৰোধিতা কৰিছো। সংবিধান মর্মে ২০২৬ত লোকপিয়ল হ’ব। অথচ চৰকাৰে সংবিধানৰ অনুচ্ছেদ ২০১৮ক মোহাৰি নিজেই সিদ্ধান্ত ল’লে যে লোকপিয়ললৈ অপেক্ষা নকৰি আসনৰ সংখ্যা ৮৫৩ কৰিব লাগে। এই সংখ্যা নাগপুৰে নিৰ্ধাৰণ কৰিছে নেকি?’ তেওঁ সমালোচনা কৰে যে ৰাজনৈতিক লাভালাভৰ বাবে সংবিধানক দুর্বল কৰিছে চৰকাৰে। গৌৰৱে কয় যে চৰকাৰে ৰাজনৈতিক লাভালাভৰ বাবে সমষ্টি পুনৰ নির্ধাৰণক অসম আৰু জম্মু-কাশ্মীৰত অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে।’ তেওঁ কয় যে চৰকাৰে এনে কৰিছে যেন প্ৰথমবাৰৰ বাবে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হৈছে। গৌৰৱে কয়, ‘তেওঁলোকে এনে ধাৰণা কিয় দিব বিচাৰিছে যে আজি আনন্দ আৰু উদ্যাপনৰ দিন আৰু প্ৰথমবাৰৰ বাবে এক ঐতিহাসিক কাম কৰা হৈছে।

কংগ্রেছ মহিলা সংৰক্ষণৰ পক্ষত আছে। কিন্তু আমি অনুবোধ জনাওঁ যাতে মহিলা সংৰক্ষণক সবলীকৃত কৰা হয় আৰু তাৎক্ষণিকভাবে এই আইন গৃহীত কৰা হয় তথা ইয়াৰ ৰূপায়ণ হয়। বর্তমানে থকা লোকসভাৰ ৫৪৩ জন সদস্যক লৈয়ে মহিলা সংৰক্ষণ প্রযোজ্য হ’ব লাগে। ইয়াক সমষ্টি পুনৰ নিৰ্ধাৰণৰ স’তে জড়িত নকৰিব। আমি ২০২৩তো এই কথা কৈছিলো আৰু আজিও একেই কথাই কৈছো।’ তদুপৰি কয় যে সেই সময়ত গৃহমন্ত্রীয়ে আমাক কৈছিল যে প্রথমতে সমষ্টি পুনৰ নির্ধাৰণ আয়োগ গঠন কৰিব লাগিব। তেওঁ কৈছিল যে ২০২৪ৰ লোকসভা নির্বাচনৰ পাছতে তাৎক্ষণিকভাবে লোকপিয়ল কৰা হ’ব আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব তথা মহিলা সংৰক্ষণ তাৎক্ষণিকভারে রূপায়ণ কৰা হ’ব।

এই তিনি বছৰত কি এনে খেলি-মেলি হ’ল? তিনি বছৰত কি সালসলনি হ’ল যে লোকসভা নির্বাচনৰ দুবছৰ পাৰ হোৱাৰ পাছত এতিয়া কি সালসলনি হ’ল?’ গৌৰৱে  কয় যে পূৰ্বৰ বক্তব্য সলনি কৰি আজি চৰকাৰে কৈছে যে পৰৱৰ্তী লোকপিয়ল আৰু পৰৱৰ্তী সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হ’ব। তেওঁ’ কয়, আজি আপোনালোকে কৈছে যে জাতিগত লোকপিয়লৰ পূর্বে মহিলা সংৰক্ষণ হ’ব লাগিব। এক তৃতীয়াংশ সংবক্ষণ আনিবলৈ চৰকাৰে সমষ্টি পুনৰ নির্ধাৰণক মোহাৰি পেলাইছে। বাহুল গান্ধীৰ নেতৃত্বত আমাৰ তীব্র হেঁচাৰ বাবে জাতিগত লোকপিয়লৰ সিদ্ধান্ত লোৱা হৈছে। কোনো ধকাৰ সংসদীয় নথি নোহোৱাকৈ আৰু লোকপিয়ল অবিহনে কিদৰে লোকসভাৰ আসনৰ সংখ্যা ৮৫৩লৈ বৃদ্ধি কৰিব পাৰে?

নিৰ্ধাৰণ আয়োগ গঠন কৰিব লাগিব। তেওঁ কৈছিল যে ২০২৪ৰ লোকসভা নির্বাচনৰ পাছতে তাৎক্ষণিকভাবে লোকপিয়ল কৰা হ’ব আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব তথা মহিলা সংৰক্ষণ তাৎক্ষণিকভাৱে ৰূপায়ণ কৰা হ’ব। এই তিনি বছৰত কি এনে খেলি-মেলি হ’ল? তিনি বছৰত কি সালসলনি হ’ল যে লোকসভা নিৰ্বাচনৰ দুবছৰ পাৰ হোৱাৰ পাছত এতিয়া কি সালসলনি হ’ল?’ গৌৰৱে কয় যে পূৰ্বৰ বক্তব্য সলনি কৰি আজি চৰকাৰে কৈছে যে পৰবৰ্তী লোকপিয়ল আৰু পৰৱৰ্তী সমষ্টি পুনৰ নির্ধাৰণৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হ’ব। তেওঁ কয়, ‘আজি আপোনালোকে কৈছে যে জাতিগত লোকপিয়লৰ পূৰ্বে মহিলা সংৰক্ষণ হ’ব লাগিব। এক তৃতীয়াংশ সংৰক্ষণ আনিবলৈ চৰকাৰে সমষ্টি পুনৰ নির্ধাৰণক মোহাৰি পেলাইছে। ৰাহুল গান্ধীৰ নেতৃত্বত আমাৰ তীব্র হেঁচাৰ বাবে জাতিগত লোকপিয়লৰ সিদ্ধান্ত লোৱা হৈছে। কোনো ধৰণৰ সংসদীয় নথি নোহোৱাকৈ আৰু লোকপিয়ল অবিহনে কিদৰে লোকসভাৰ আসনৰ সংখ্যা ৮৫৩লৈ বৃদ্ধি কৰিব পাৰে?

আনহাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ আসন পুনৰ বিন্যাসৰ ক্ষেত্ৰত কোনো বৈষম্য কৰা নহয় বুলি কয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, মই দায়িত্ব সহকাৰে কৈছো যে দেশৰ কোনো ৰাজ্য, উত্তৰ-দক্ষিণ, পূব-পশ্চিম কাৰো প্রতি অন্যায় কৰা নহয়।’ তদুপৰি তেওঁ কয় যে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ বাবে তেওঁ কোনো কৃতিত্ব নিবিচাৰে। এই বিধেয়ক ২৫-৩০ বছৰ পূৰ্বে গৃহীত কৰিব লাগিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে নানা অজুহাত দেখুৱাই এই বিধেয়ক গৃহীত কৰাত বিলম্ব কৰা হৈছে। মোদীয়ে কয়, ‘যিসকল মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছে তেওঁলোকক কন্যাসকলে কেতিয়াও ক্ষমা নকৰিব।’ বিৰোধিতাৰ বাবে দীঘলীয়া সময় মূল্য ভৰিব লাগিব বুলিও মোদীয়ে সমালোচনা কৰে। তদুপৰি কয়, ‘দেশৰ ভগ্নীসকলৰ ওপৰত বিশ্বাস ৰাখক। লোকসভাত ৩৩ শতাংশ আসন নিশ্চিত কৰক। মহিলা বিধেয়কৰ বিৰোধিতা কৰিছে এটা দলে। নিৰ্বাচনৰ সময়ত যিসকলে বিৰোধিতা কৰিছে তেওঁলোকক মানুহে প্রত্যুত্তৰ দিছে। ‘অৱশ্যে কোনো দলৰ তেওঁ নাম উচ্চাৰণ নকৰি কয়, ‘আজি সকলোৰে সাফল্যৰ দিন। সমগ্র দেশষে সাফল্য। এয়া কোনো দলৰ জয় নহয়।’ তেওঁ বিৰোধীক আহ্বান জনায় যে ৰাজনীতি ত্যাগ কৰি উন্নয়নৰ সহযোগী হ’ব লাগে। দেশৰ সংসদত আজিৰ দিনটোক ঐতিহাসিক বুলিও আখ্যা দিয়ে মোদীয়ে। তেওঁ কয়, ‘ভাৰতক আমি নতুন দিশ দেখুৱাবলৈ বিচাৰিছো। মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন ভাৰতৰ সংসদৰ এক ঐতিহাসিক মুহূর্ত। তেওঁ কয়, ‘আমি কোনো ভ্রম অথবা অহমিকা লৈ থাকিব নালাগে। আমি ভাবিব নালাগে যে দেশৰ মহিলা শক্তিক আমি কিবা দিব বিচাৰিছো। এয়াই তেওঁলোকৰ অধিকাৰ আৰু বহু দশক ধৰি আমি ইয়াক বন্ধ কৰি ৰাখিলো আৰু আজি আমাৰ বাবে পাপমুক্ত হোৱাৰ ই সুযোগ।’ তেওঁ কয়, ‘যদি গেৰাণ্টি শব্দটোৰ প্ৰয়োজন আছে তেন্তে মই এই শব্দ ব্যৱহাৰ কৰিলো। যদি আপোনালোকে প্রতিশ্রুতিৰ কথা কোৱাটো বিচাৰিছে তেন্তে মই এই শব্দটো ব্যৱহাৰ কৰিছো। আমাৰ উদ্দেশ্য যিহেতু স্পষ্ট আমি কোনো শব্দৰ খেল খেলাৰ আমাৰ প্ৰয়োজন নাই।’

ইপিনে, বিৰোধীৰ সমালোচনাৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে ইতিমধ্যে লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভকৰা হৈছে আৰু ইয়াত জাতিগত গণনা অন্তর্ভুক্ত কৰা হ’ব। শ্বাহে কয়, ‘মই দেশবাসীক অৱগত কৰিব বিচাৰো যে ইতিমধ্যে লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে চৰকাৰে জাতিগত পিয়লৰ বাবে সিদ্ধান্ত লৈছে।’ তদুপৰি তেওঁ কয় যে মহিলা সংৰক্ষণ বিধেয়ক আৰু লোকসভাত আসন বৃদ্ধিৰ ফলত দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ আসনৰ সংখ্যা হ্রাস নহয়।

ইপিনে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে চৰকাৰে পৰৱৰ্তী নির্বাচনত জয়লাভ কৰিবলৈ সমষ্টিসমূহৰ কটা ছিঙা কৰিবলৈ বিচাৰি সংবিধানৰ ওপৰত মুকলি আক্ৰমণ কৰিছে বুলি কয়। তেওঁ অভিযোগ কৰে যে সংবাদ মাধ্যম আৰু নির্বাচন আয়োগক বন্দী কৰি চৰকাৰে ইতিমধ্যে গণতন্ত্রক দুর্বল কৰাৰ প্ৰথমটো পদক্ষেপ গ্রহণ কৰিলে আৰু এতিয়া গণতন্ত্ৰৰ ওপৰত আক্রমণক আৰু এখোজ আগুৱাই নিব বিচাৰিছে। প্ৰিয়ংকাই কয়, ‘এই বিধেয়ক গৃহীত হ’লে গণতন্ত্ৰৰ ইতি পৰিব দেশত।’ তেওঁ কয়, ‘মহিলা সংৰক্ষণৰ আঁৰ লৈ বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰিব বিচাৰিছে। এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰই অন্যান্য পাছপৰা শ্ৰেণীৰ অধিকাৰ কৰিবলৈ বিচাৰিছে।

উল্লেখ্য যে কালি ডিএমকেৰ নেতাসকলক লৈ তামিলনাডুৰ মুখ্যমন্ত্রী এম কে স্ট্রেলিনে এক জৰুৰী বৈঠক কৰে। আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি তেওঁ পুৱাৰ ভাগত বিধেয়কৰ প্ৰতিলিপি দাহ কৰে। ইপিনে, কালি বিৰোধী মিত্রজোঁট ইণ্ডিয়ায়ো এক বৈঠকত মিলিত হয়। কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্রক তীক্ষ্ণ সমালোচনা কৰি সামাজিক মাধ্যমত লিখিছে, ‘বিজেপিৰ বিপজ্জনক পৰিকল্পনা হৈছে যে ২০২৯ৰ নিৰ্বাচনৰ বাবে সকলো লোকসভা আসনত নিজৰ সুবিধা অনুসৰি জালিয়াতি কৰাটো।’

এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিকল্পনাৰে চৰকাৰে বিজেপিৰ শক্তিশালী স্থিতি থকা উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ আসনৰ সংখ্যা দক্ষিণ ভাৰততকৈ বৃদ্ধি কৰিবলৈ চেষ্ট কৰা বুলি বিৰোধীয়ে আশংকা কৰিছে। উল্লেখ্য যে কাইলৈ বিয়লি বিধেয়কক লৈ লোকসভাত ভোটদান হ’ব পাৰে।

Exit mobile version