Private Plane Crash in Chhattisgarh:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ছত্তীশগড়ৰ যশপুৰৰ পৰা বিমান দুৰ্ঘটনাৰ খবৰ ৷ নাৰায়ণপুৰ অঞ্চলত এখন ব্যক্তিগত বিমান পাহাৰত খুন্দা মাৰি ভস্মীভূত হোৱাৰ সন্দেহ কৰা হৈছে। এই ঘটনাত পাইলট আৰু সহ-পাইলটৰ মৃত্যুৰ আশংকা ঘনীভূত হৈছে।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীলৈ ৰাওনা হৈছে এছ এছ পি লাল উমেদ সিংও। দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ও ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে ৷য’ত পাহাৰৰ পৰা জুইৰ শিখা ওপৰলৈ উঠি অহা দেখা গৈছে৷ যিয়ে দুৰ্ঘটনাটো সংঘটিতৰ স্পষ্ট ইংগিত পোৱা যায় ।
অৱশ্যে বিমানখনত পাইলট আৰু সহ-পাইলটৰ বাহিৰে আন কোনো যাত্ৰী আছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বৰ্তমান সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলি আছে আৰু প্ৰশাসনে এই ঘটনাৰ তথ্য সংগ্ৰহ কৰি আছে।
