Today’s Horoscope:দিনটোৰ ৰাশিফল

143804005

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ : চাকৰিৰ স্থান সলনি হ’ব পাৰে। গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হয়। নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে। স্ত্ৰীৰ লগত নতুন কিছু ধৰণৰ আলোচনা হ’ব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

বৃষঃ কর্ম আলোচনা মনত শান্তি প্রাপ্ত কৰিব। অতিৰিক্ত ক্ৰোধৰ বাবে নিজৰ ক্ষতি হ’ব পাৰে। সন্তানৰ দিশত খৰচ বৃদ্ধি হ’ব। সংগীত চর্চায় বাধা আহিব। শুভ ৰং বগা। শুভ সংখ্যা ২।

মিথুন: কামৰ বৃদ্ধি হোৱা বাবে মানসিক দিশত কষ্ট হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, পিছলৈ বিপদ হ’ব। উচ্চ শিক্ষাৰ শুভ ফল। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

কর্কট: কর্মক্ষেত্রত অশান্তি হ’ব পাৰে। ব্যৱসায় দিশত ভাল সহযোগিতা পাব। ঘৰুৱা দিশত খৰচ বৃদ্ধি ক’ব পাৰে। বিদ্যার্থী সকলৰ বাবে আজি দিনটো বহু বেছি ভাল নহয়। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

সিংহ: পাৰিবাৰিক দিাত শুভ ফল। ঘৰলৈ ভাল সু-খবৰ আহিব পাৰে। পাবলৈ থকা ধন ঘূৰাই পাব। ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। প্রেমত শুভ ফল। শুভ ৰং মাখন। শুভ সংখ্যা ৩।

কন্যা: কর্মক্ষেত্রত কাৰোবাৰ লগত বিবাহ হ’ব পাৰে। শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ক। যিকোনো কাম আৰম্ভ কৰাৰ আগত মা-দেউতাৰ পৰামৰ্শলৈ ল’ব। প্রেমত বাধা দেখা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

তুলা: ঘৰৰ প্ৰিয়জন অহাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ বাবে বাহিৰ যাব পাৰে। নতুন গৃহ নিৰ্মাণ হ’ব পাৰে। সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে। শুভ ৰং ছাই। শুভ সংখ্যা ৮।

বৃশ্চিক: গুৰুজনৰ পৰা কিছু পৰামৰ্শ ল’ব পাৰিব। ব্যৱসায় দিশত অশান্তি হ’ব পাৰে। ভুল সিদ্ধান্ত সংসাৰত অশান্তিৰ যোগ দেখা যায়। প্রিয়জনৰ ব্যৱহাৰ মনত আঘাত দিব পাৰে। শুভ ৰং সোণালী। শুভসংখ্যা ৫।

ধনু: বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। শত্ৰুৰ পৰা সাৱধানে থাকক। ভ্ৰমণৰ দিশত বাধা দেখা যায়। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।

মকৰ: মানসিক অস্থিৰতা বৃদ্ধি পাব হ’ব। যিকোনো কাম আৰম্ভ কৰাৰ, ভাবি সিদ্ধান্ত কৰক। আনৰ সহায় কৰিব যাওঁতে নিজে বিপদ পৰিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কুম্ভ: হাতলৈ পইচা আহিব যদিও খৰচ বৃদ্ধি হ’ব। দূৰৰ সম্পৰ্কৰ কোনোৱা ঘৰলৈ আহিব পাৰে। নিজৰ ভুলৰ বাবে হাতলৈ অহা কাম ঘূৰি যাব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

মীন: জলপথত অলপ সাৱধানে থাকক। ঘৰৰ গুৰজনৰ শৰীৰক লৈ কষ্ট হ’ব পাৰে। সামাজিক কামত ব্যস্ততা বাঢ়িব। ব্যবসায় উন্নতি হ’ব। শুভ ৰং ক’লা। শুভ সংখ্যা ২।

Exit mobile version