IPL Betting &Gambling:মহানগৰীত উৎখাত আইপিএল জুৱাৰ ঘাটি

তিনি আইপিএল জুৱাৰীক আটক ফটাশিল-আমবাৰী আৰক্ষীৰ

WhatsApp Image 2026 04 21 at 1.03.13 PM

IPL Betting &Gambling:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহানগৰীত শেহতীয়াকৈ সংগোপনে এটা চক্ৰই অব্যাহত ৰাখিছিল আইপিএল জুৱা ৷ কিন্ত এই চক্ৰটোৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখি অৱশেষত উৎখাত কৰে আইপিএল জুৱা ৷

ফটাশিল- আমবাৰী আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি ধীৰেনপাৰাস্থিত ‘আছাম ইলেক্ট্ৰনিকছ’ নামৰ ইলেক্ট্ৰনিক দোকান এখনত অৰ্তকিতে অভিযান চলাই তিনিটা ম’বাইল হেণ্ডছেট (বেটিং এপ ইনষ্টল থকা) আৰু এটা লেনভো লেপটপ জব্দ কৰাৰ লগতে আইপিএল জুৱাৰ মাষ্টাৰ মাইণ্ড ধীৰেনপাৰাৰ মনজিৎ সূত্ৰধৰ,আৰ জি বি এছ ৰোডৰ বৰছাপাৰাৰ অৰ্পন চৌধুৰী আৰু কালাপাহাৰ কলনি বজাৰৰ দেৱজিৎ দেৱক আটক কৰে ৷

উল্লেখ্য যে উদ্ধাৰ হোৱা ম’বাইল ফোনসমূহত বিভিন্ন বেটিং এপ আৰু লেনদেনৰ তথ্য আছিল ৷ ইয়াৰ পৰা স্পষ্ট হয় যে ধৃত তিনিও যুৱকে চলিত ২০২৬ৰ আইপিএল মেচসমূহৰ সৈতে জড়িত আই পি এল বেটিং জুৱাৰ সৈতে জড়িত আছিল।

Exit mobile version