ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

post office rd scheme

বর্তমানে ভাৰতৰ বহু চৰকাৰী বেংকতকৈ ডাকঘৰে তুলনামূলকভাবে অধিক সুত গ্রাহকক প্ৰদান কৰি আছে। ভাল সুতৰ উপৰি, কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকাৰ বাবেও ডাকঘৰে ৰাইজৰ আস্থা লাভ কৰিছে।

যোৱা কেইবছৰমানৰ পৰিসংখ্যা চালে স্পষ্ট হৈ পৰে যে সাধাৰণ ৰাইজে দীর্ঘম্যাদী বিনিয়োগৰ বাবে ডাকঘৰকে বাছি লৈছে। যদি আপুনিও ডাকঘৰৰ কোনো বিশ্বাসযোগ্য আৰু লাভজনক আঁচনিত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে এই লেখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পাৰে।

কাৰণ আজি ডাকঘৰৰ এনে এখন লাভজনক আঁচনিৰ স’তে পৰিচয় কৰাই দিবলৈ লোৱা হৈছে, য’ত আপুনি কম ধন বিনিয়োগ কৰিলেও লাভজনক ৰিটাৰ্ণ পাব পাৰিব।

আপুনি যদি কম ধন বিনিয়োগ কৰি লাভজনক ৰিটাৰ্ণ পাব বিচাৰে, তেন্তে ডাকঘৰৰ ৰেকাৰিং ডিপ’জিট বা পুনৰাবৃত্তিমূলক জমা আঁচনি আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে।

এই আঁচনিৰ অধীনত আপুনি ৬.৭শতাংশকৈ সুত পাব আৰু এই সুতত এটা নির্দিষ্ট সময়ৰ শেষত আপোনাৰ মূলধন কেবাগুণে বৃদ্ধি পাব। বিনিয়োগকাৰীয়ে সৰ্বমুঠ ১০ বছৰৰ বাবে ডাকঘৰৰ এই আঁচনিত ধন বিনিয়োগ কৰিব পাৰে।

এই আঁচনিত ন্যূনতম বিনিয়োগৰ পৰিমাণ ১০০ টকা যদিও বিনিয়োগকাৰীয়ে নিজৰ ইচ্ছা অনুযায়ী ১০টকাৰ গুণিতকৰ হিচাপত বিনিয়োগ কৰিব পাৰে। প্রথম অবস্থাত পাঁচ বছৰৰ বাবে আৰু পাছত বর্ধিত ১০ বছৰ সময়সীমা পর্যন্ত এই আঁচনিত বিনিয়োগ কৰিব পৰা যায়।

মন কৰিবলগীয়া এই আঁচনিত বিনিয়োগকাৰীয়ে ১২টা কিস্তি আদায় দিয়াৰ পাছত জমাৰাশিৰ ৫০ শতাংশ পর্যন্ত ঋণ হিচাপে ল’ব পাৰে। উল্লেখ্য যে ডাকঘৰৰ ৰেকাৰিং ডিপ’জিট আঁচনিত বিনিয়েগ কৰিলে আয়কৰো বেহাই পাব পাৰি।

Exit mobile version