অপর্যাপ্ত নিদ্রা: বাতি ভালদৰে নুশুলে চকুৰ তলত ক’লা দাগ পৰে।
মানসিক চাপ:অধিক টেনছন থাকিলে তেজ চলাচলত প্রভাবিত হয়।
অস্বাস্থ্যকৰ খাদ্যাভ্যাসঃ পুষ্টিহীন খাদ্য খালে ছালৰ উজ্জ্বলতা কম হৈ যায়।
ডিহাইড্রেচন: কম পানী খালে ছাল শুকান হয়। অতি ম’বাইল স্ক্রিন ব্যৱহাৰঃ বংশগত কাৰণতো কেতিয়াবা এনে হয়।
ডার্ক চার্কল কমাবলৈ কিছুমান
প্রাকৃতিক উপায়:
আলুৰ ৰস: আলু ঘঁহি তাৰ ৰস চকুৰ তলত লগালে ক’লা পৰা দাগ কমে।
বৰফৰ টুকুৰা: বৰফৰ টুকুৰা চকুত ৰাখিলে সতেজতা আহে।
গোলাপ জল: কপাহত লৈ চকুৰ তলত লগালে শীতলতা দিয়ে।
চাহৰ পেকেট: ব্যৱহাৰ কৰা টি বেগ ঠাণ্ডা কৰি লগালে উপকাৰ পোৱা যায়।
প্রতিদিনে সাত-আঠ ঘণ্টা শুবলৈ যত্ন কৰক, দিনটোত পর্যাপ্ত পানী খাব লাগে, পুষ্টিকৰ খাদ্য, শাক-পাচলি, ফল-মূল, প্র’টিন অন্তর্ভুক্ত কৰক।
ম’বাইল আৰু লেপটপৰ ব্যৱহাৰ কমাওক, মাজে মাজে চকুক বিশ্রাম দিয়ক। যদি ডার্ক চার্কল বহু দিন ধৰি থাকে আৰু ঘৰুৱা উপায়ে কাম নকৰে, তেন্তে চর্মবোগ বিশেষজ্ঞৰ পৰামর্শ লোৱা উচিত।
কেতিয়াবা এইটো স্বাস্থ্যজনিত সমস্যাৰো লক্ষণ হ’ব পাৰে। সৌন্দর্য কেৱল বাহ্যিক নহয়, ই ভিতৰৰ সুস্থতাৰ প্ৰতিফলন। নিজৰ যত্ন লোৱা মানে নিজকে
ভালপোৱা।
সৰু সৰু অভ্যাস সলনি কৰি আপুনি আপোনাৰ মুখৰ স্বাভাবিক উজ্জ্বলতা ঘূৰাই আনিব পাৰে।
