ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

IMG 20260424 155158

বহুতে ছালখন দৃঢ় আৰু উজ্জ্বল কৰি ৰাখিবলৈ দামী ক্রীম, ছিৰাম বা ফেচিয়েলত নিৰ্ভৰ কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে ছালৰ প্রকৃত শত্রুতা হয়তো আমাৰ দৈনন্দিন খাদ্যাভ্যাসত লুকাই আছে। বিশেষকৈ কিছুমান খাদ্য আছে যিবোৰ নিয়মিতভাৱে খালে ছালৰ কলাজেন সোনকালে নষ্ট হৈ যায় আৰু অকাল বয়স বৃদ্ধিৰ সমস্যাব সৃষ্টি হয়।

ছালৰ সৌন্দর্য কেৱল প্রসাধন সামগ্রীৰ ওপৰত নিৰ্ভৰশীল নহয়। খাদ্য হৈছে ছালৰ আটাইতকৈ ডাঙৰ বন্ধু বা শত্রু। গতিকে খাদ্যাভ্যাসৰ প্রতি সচেতন হ’লে দীর্ঘদিনলৈ যৌবন বজাই ৰখা সম্ভব। ছালৰ বিশেষজ্ঞসকলৰ মতে খ্যাদৰ প্ৰতি সচেতন হোৱাটো অতি প্রয়োজনীয়, কেৱল বাহ্যিক যত্নৰ বাবেই নহয়, নিজৰ ছালখনো সুস্থ কৰি ৰখাৰ বাবে। তিনিটা নির্দিষ্ট খাদ্যক ছালৰ বাবে আটাইতকৈ ক্ষতিকাৰক বুলি গণ্য কৰা হয়।

অতিৰিক্ত চেনি আৰু পেকেটত ভৰোৱা মিঠা খাদ্য: বর্তমান শীতল পানীয় পেকেটত ভৰোৱা ৰস, কেক, বিস্কুট, চকলেট এইবোৰ খাদ্যৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

কিন্তু এই খাদ্যসমূহত থকা উচ্চ ফ্লক্ট’জযুক্ত কর্ণ চিৰাপ আৰু অতিৰিক্ত চেনিয়ে ছালৰ কলাজেন ভাঙি পেলায়। বিশেষজ্ঞসকলৰ মতে এই চেনি শৰীৰত প্রৱেশ কৰি কিছুমান ক্ষতিকাৰক উপাদান সৃষ্টি কৰে যিয়ে ছালখন ঢিলা কৰে, বলিৰেখা বৃদ্ধি কৰে আৰু মুখৰ প্ৰাকৃতিক গ্লো কমায়।

বাৰে বাৰে ব্যৱহাৰ কৰা ৰিফাইন অইল: বাহিৰৰ গ্ৰীল বা ফাষ্টফুডত ব্যৱহাৰ কৰা তেল বেছিভাগেই একাধিকবাৰ গৰম কৰা হয়। ফলত তেলৰ পুষ্টি মূল্য নষ্ট হৈ তেল বিষাক্ত হৈ পৰে। বিশেষজ্ঞসকলৰ মতে এই তেলে শৰীৰৰ ভিতৰত প্রদাহ বৃদ্ধি কৰে, যাৰ ফলত ছালত প্রত্যক্ষ প্রভার পবে। ফলত ব্রণ, ছালৰ কক্ষতা আৰু দ্রুত বার্ধক্য দেখা দিয়ে।

অত্যধিক ভাজি খোৱা খ্যাদ: ফ্রেঞ্চ ফ্লাই, চিপচ, পকোৰা বা অত্যধিক ডিপ ফ্রাই কৰা খাদ্যও ছালৰ বাবে ক্ষতিকাৰক। এনে খাদ্য প্রস্তুত কৰাৰ সময়ত এক্রিলামাইড নামৰ ক্ষতিকাৰক ৰাসায়নিক পদার্থ উৎপন্ন হয়, যিয়ে কলাজেন ধ্বংস কৰে। ফলত ছালখন শুকান হৈ পৰে, প্রাকৃতিক আর্দ্রতা হেৰুৱাই পেলায় আৰু বয়স বৃদ্ধিৰ লক্ষণ মুখমণ্ডলত স্পষ্ট হৈ পৰে।

ছালৰ বিশেষজ্ঞসকলে কয় যে ছালখন সুস্থ কৰি ৰাখিবলৈ ঘৰতে বন্ধা খাদ্য যিমান পাৰি সিমান খাব লাগে আপুনি চেনি আৰু প্রচেছড খাদ্য কমাব লাগে, পর্যাপ্ত পৰিমাণ পানী খাব লাগে আৰু শাক পাচলি আৰু ফলমূলৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

Exit mobile version