অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

images 6 1

বিশ্বৰ কে’বাখনো দেশে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত আইন প্ৰৱৰ্তন কৰিছে।অস্ট্রেলিয়াই বিশ্বৰ ভিতৰতে প্ৰথমখন দেশ হিচাপে যোৱা বছৰৰ ডিচেম্বৰত শিশু আৰু কিশোৰৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল।

এইবাৰ অষ্ট্ৰেলিয়াৰ এই পদাংক অনুসৰণ কৰিলে নৰৱেয়ে। নৰৱেৰ চৰকাৰে ১৬ অনূর্ধ্ব বয়সৰ লোকৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ নিষিদ্ধ কৰাৰ চিন্তা-চৰ্চা কৰিছে। শিশু আৰু কিশোৰক স্মার্টফোন আসক্তিৰ পৰা সুৰক্ষিত কৰিবলৈ নৰৱেৰ চৰকাৰে পদক্ষেপ গ্রহণ কৰি কয় যে শীঘ্রে দেশখনত সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নীতি বলবৎ কৰা হ’ব।

নৰৱে চৰকাৰে এই উদ্দেশ্যৰে এখন বিধেয়ক চলিত বৰ্ষৰ অন্তিম ভাগত সংসদত দাখিল কৰিব। এই বিধেয়ক গৃহীত হ’লে অষ্ট্ৰেলিয়াৰ দৰে নৰৱেতো শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ নিষিদ্ধ হ’ব।

Exit mobile version