গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

1771138551 death lead

হাৰিয়ানাৰ গুৰুগ্রাম(Gurugram)ৰ ছেক্টৰ ৫৩ অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্রেমিকাক চমক দিয়াৰ উদ্দেশ্যে নিজৰ ফ্লেটলৈ মাতি অনা এজন যুৱকৰ হঠাৎ মৃত্যুৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। শুক্ৰবাৰে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

মৃত যুৱকজনক নাগপুৰ(Nagpur)ৰ বাসিন্দা ৰোহিত লাল বুলি চিনাক্ত কৰা হৈছে। তেওঁ দিল্লীৰ এখন ব্যক্তিগত সংস্থাত কৰ্মৰত আছিল আৰু গুৰুগ্ৰামতেই বাস কৰিছিল।

আৰক্ষীৰ মতে, ঘটনাটো প্ৰথমে ৰোহিতৰ এজন সহকৰ্মীৰ দৃষ্টিগোচৰ হয়। দুয়ো একেলগে কৰ্মস্থলীত যোৱা-আহা কৰিছিল। সদায়ৰ দৰে শুক্ৰবাৰে তেওঁ ৰোহিতৰ ফ্লেটত উপস্থিত হৈছিল, কিন্তু বহু বাৰ মাতিও কোনো সঁহাৰি নাপোৱাৰ ফলত আৰক্ষীক খবৰ দিয়ে।

পাছত আৰক্ষীয়ে আহি দৰ্জা ভাঙি ফ্লেটত প্ৰৱেশ কৰি বিছনাত পৰি থকা অৱস্থাত ৰোহিতৰ মৃতদেহ উদ্ধাৰ কৰে।

তদন্তকাৰী সূত্ৰৰ তথ্য অনুসৰি, ৰোহিতৰ ঘৰত কেবাটাও ঔষধ উদ্ধাৰ কৰা হৈছে, যাৰ ভিতৰত যৌনশক্তি বৃদ্ধিৰ ঔষধো আছিল। প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এই ঔষধসমূহৰ অত্যাধিক সেৱনৰ ফলতেই তেওঁৰ মৃত্যু ঘটিব পাৰে।

আৰক্ষীয়ে এইটোও জানিবলৈ পায় যে বৃহস্পতিবাৰে ৰোহিতে নিজৰ প্ৰেমিকাক ফ্লেটলৈ মাতিছিল। কিন্তু তেওঁ আহি পোৱাৰ আগতেই ৰোহিতৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।

তদন্তকাৰীসকলে সন্দেহ কৰিছে যে ঔষধৰ অধিক মাত্ৰাৰ ফলত হৃদৰোগে (হাৰ্ট এটেক) মৃত্যু ঘটিছে।

অৱশ্যে সঠিক মৃত্যুৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ দেহৰ ভিছেৰা ফৰেন্সিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ কৰা ঔষধসমূহো পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ছেক্টৰ ৫৩ থানাৰ এছএইচঅ’ সত্যেন্দ্ৰ ৰাৱালে জানিবলৈ দিছে যে ঘটনাৰ স’তে সম্পৰ্কিত তথ্য লাভৰ বাবে যুৱকৰ প্ৰেমিকাকো জিজ্ঞাসাবাদ কৰা হ’ব।

Exit mobile version