Hunger Index:✒️বিশ্বজুৰি খাদ্য সংকটে ক্রমেই উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। অনাহাৰৰ বিস্তাৰ অব্যাহত থকাৰ লগতে ২০২৬ চনৰ অন্তিম ভাগত এই সংকট অধিক তীব্ৰ হ’ব পাৰে বুলি সতৰ্ক কৰিছে United Nations-ত দাখিল কৰা এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদনত।
‘গ্ল’বেল ৰিপ’ৰ্ট অন ফুড ক্রাইছিছ’ শীৰ্ষক এই বাৰ্ষিক প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে বৰ্তমান বিশ্বৰ ৪৭খন দেশত প্ৰায় ২৬ কোটি ৬০ লাখ লোক গভীৰ খাদ্য সংকট আৰু অনাহাৰৰ স’তে যুঁজি আছে—যি মানৱ সমাজৰ বাবে এক ভয়ংকৰ সংকেত হিচাপে পৰিগণিত হৈছে।
প্ৰতিবেদনত চুডান আৰু গাজা ষ্ট্ৰিপক দুৰ্ভিক্ষপীড়িত অঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল। শেহতীয়া প্ৰতিবেদনত ২০২৫ চনৰ তথ্য উদ্ধৃত কৰি কোৱা হৈছে যে বিশ্বৰ মুঠ ১০খন দেশত খাদ্য সংকট সৰ্বাধিক তীব্ৰ ৰূপ লৈছে, য’ত বসবাস কৰে বিশ্বৰ প্ৰায় দুই-তৃতীয়াংশ অনাহাৰগ্ৰস্ত লোক।
এই সংকটগ্ৰস্ত দেশসমূহৰ তালিকাত ভাৰতৰ চাৰিখন প্রতিবেশী—পাকিস্তান(Pakistan), আফগানিস্তান ( Afghanistan), বাংলাদেশ (Bangladesh)আৰু ম্যানমাৰ (Myanmar) অন্তৰ্ভুক্ত হৈছে।
ইয়াৰ লগতে কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ(Democratic Republic of the Congo), নাইজেৰিয়া (Nigeria)দক্ষিণ চুদান( South Sudan), চুদান(Sudan)ছিৰিয়া(Syria) আৰু ইয়েমেন(Yemen)ত খাদ্য নিৰাপত্তাহীনতা চূড়ান্ত স্তৰত উপনীত হৈছে।
উল্লেখযোগ্য যে, এই দেশসমূহৰ বেছিভাগেই গৃহযুদ্ধ, সশস্ত্ৰ সংঘাত আৰু অস্থিতিশীলতাৰ কবলত। প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে, অনাহাৰৰ বিৰুদ্ধে যুঁজত আন্তঃৰাষ্ট্ৰীয় সহায় ক্ৰমাগতভাৱে হ্ৰাস পাইছে, যি পৰিস্থিতিক আৰু জটিল কৰি তুলিছে।
ইয়াৰ উপৰিও পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলত খাদ্য সংকট অধিক ভয়াবহ ৰূপ ল’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। যুদ্ধৰ ফলত এফালে গৃহহীন লোকৰ সংখ্যা বৃদ্ধি পাইছে, আনফালে কৃষি উৎপাদনৰ ব্যয় দ্ৰুতগতিত বৃদ্ধি পাইছে—যাৰ প্ৰভাৱ পোনপটীয়াকৈ খাদ্য যোগান ব্যৱস্থাত পৰিছে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ International Monetary Fund, World Bank আৰু World Food Programme-এো বিশ্বজুৰি খাদ্যদ্ৰব্যৰ মূল্যবৃদ্ধি আৰু সম্ভাৱ্য খাদ্য সংকটৰ বিষয়ে সতৰ্ক কৰি দিছে। তেওঁলোকৰ মতে, পশ্চিম এছিয়াৰ যুদ্ধ আৰু তাৰ ফলত সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় জ্বালানি বজাৰৰ অস্থিৰতাই এই সংকটক অধিক তীব্ৰ কৰি তুলিছে।
সামগ্ৰিকভাৱে, বিশ্বজুৰি খাদ্য সংকটৰ এই ভয়াৱহ ছবিয়ে আগন্তুক দিনত বৃহৎ মানৱীয় সংকটৰ আশংকা স্পষ্ট কৰি তুলিছে।
