৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

IMG 20260425 145818

China:✒️৭৪ বছৰীয়া এগৰাকী ব্রিটিছ মহিলা পর্যটকে ৭২ খন দেশ ভ্রমণৰ পাছত চীনত উপস্থিত হ’ল। ব্রিটিছ মহিলা পর্যটকগৰাকী চীনত বিশেষভাবে আদৰণি জনোৱা হয়।

উল্লেখ্য যে ৭৪ বছৰীয়া গিল নামৰ মহিলাগৰাকীয়ে বৃদ্ধ বয়সত সম্পূর্ণ অকলশৰে বিশ্বৰ ৭২ খন দেশ ভ্রমণ কৰি এক অভিলেখ ৰচিলে।

৭২ দেশ অকলে ভ্ৰমণৰ পাছত এইবাৰ গিল উপস্থিত হ’ল দক্ষিণ-পশ্চিম চীনত। গিলে সদৰী কৰা অনুসৰি ভ্ৰমণ তেওঁৰ সবাতোকৈ প্রিয় অভিকচি আৰু তেওঁ অকলে ভ্রমণ কৰিবলৈ ভাল পায়।

স্বাস্থ্যৰ দিশত অতি সচেতন গিলে লগতে কয় যে ৭৪ বছৰ বয়সতো তেওঁ কোনো অসুবিধা অনুভব নকৰাকৈ এখনৰ পাছত আনখন দেশ ভ্রমণ কৰি আহিছে।

অকলশৰে বিদেশ ভ্রমণৰ ক্ষেত্রত মাজে সময়ে গিলে সমস্যাৰ সম্মুখীন হৈ আহিছে যদিও আত্মবিশ্বাস আৰু কৌশলৰে এনে সমস্যাৰ সমাধান ঘটোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

যোৱা সাত এপ্ৰিলত গিল চীনৰ হুনান প্রদেশত উপস্থিত হৈছিল। ব্রিটিছ বৃদ্ধা পর্যটকগৰাকীক হুনানৰ একাংশ লোকে স্বাগতম জনাইছিল। গিলে চীনৰ কে’বাখনো গুৰুত্বপূর্ণ চহৰ ভ্ৰমণৰ পৰিকল্পনাবে হুনানত উপস্থিত হৈছে।

Exit mobile version