আৰ্থিক অনগ্ৰসৰতা যে প্ৰতিভা বিকাশত হেঙাৰ নহয় তাকে প্ৰমাণ কৰি দেখুৱালে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিলাক্ষী কলিতাই ।
অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ ছাত্ৰী নিলাক্ষী কলিতাই কলা শাখাত ৮৮.৪% নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ৷
চাৰিটাকৈ বিষয়ত লাভ কৰিছে লেটাৰ মাৰ্ক ৷ ভৱিষ্যতে আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা নিলাক্ষীৰ নাছিল কোনোধৰণৰ ঘৰুৱা শিক্ষক ৷ কাৰণ ঘৰৰ আৰ্থিক দৈন্যতা ।
অভয়াপুৰীৰ নিকটবৰ্তী বোৱালিমাৰীৰ বাসিন্দা নিলাক্ষীৰ পিতৃ পৰমেশ্বৰ কলিতাৰ অভয়াপুৰী চহৰত থকা সৰু পাণ-তামোলৰ দোকানখনৰে কোনো-ৰকমে পৰিয়ালটো পোহপাল দি আহিছে ।
তাৰ মাজতো কঠোৰ অধ্যয়ণশীলতাৰ বাবে সাফল্য অৰ্জন কৰাত মুখত হাঁহি বিৰিঙিছে পিতৃৰ মুখত ।
