দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

IMG 20260429 214627

টংলাৰ নিকটৱৰ্তী দুদিনী গাঁৱৰ নিৱাসী অমিকা দৈমাৰীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৯২.৬ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছয়টা বিষয়তে লেটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হোৱা অমিকাই ইংৰাজী বিষয়ত সৰ্বোচ্চ ৯৯ নম্বৰ লাভ কৰে।

বাইহাটা চাৰিআলিস্থিত চিগমা পইণ্ট ইণ্টাৰগেটেড একাডেমিৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা অমিকাই ঐচ্ছিক ইংৰাজীত ৯২, ৰসায়ন বিজ্ঞানত ৯৩, পদাৰ্থ বিজ্ঞানত ৯১, জীৱ বিজ্ঞানত ৮৮ আৰু গণিতত ৮৭ নম্বৰ লাভ কৰে।

অতি সাধাৰণ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ পৰা অহা এই মেধাৱী ছাত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ আৰ্থিক সহায়ৰ জৰিয়তে নিজৰ শিক্ষা অব্যাহত ৰাখিছিল। ইতিপূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৯১ শতাংশ নম্বৰ লাভ কৰি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছিল তেওঁ।

অমিকাই ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ লক্ষ্য স্থিৰ কৰিছে বুলি জানিবলৈ দিয়ে।

ছাত্ৰীগৰাকীৰ এই সাফল্যত টংলা প্ৰেছ ক্লাবৰ লগতে ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক সুজিত সৰকাৰে শুভেচ্ছা জ্ঞাপন কৰিছে।

Exit mobile version