বলিউডৰ অন্যতম সফল ছবি গেংষ্টাৰত ‘য়া আলী’ শীর্ষক গীতৰে আলোড়নৰ সৃষ্টি কৰিছিল অসমৰ হিয়াৰ আমঠু জনপ্রিয় শিল্পী জুবিন গার্গে। এই জুবিন আজি এইখন পৃথিৱীৰ পৰাই নোহোৱা হৈ গ’ল সেই কথা বিশ্বাস কৰিবলৈ কঠিন হৈছে সংগীত পৰিচালক-ব্যৱস্থাপক প্রীতমৰ বাবে।
প্রখ্যাত পৰিচালক অনুৰাগ বাসু আৰু প্রীতম যুটিৰ প্ৰথমখন ছবি ২০০৬ৰ গেংষ্টাৰৰ গীতত কণ্ঠদান কৰা জুবিন আৰু আন এক জনপ্রিয় শিল্পী কে কেৰ প্রয়াণত ম্রিয়মাণ প্রীতম।
গেংষ্টাৰৰ ২০ সংখ্যক বার্ষিকীত আজি আবেগিক হৈ প্রীতমে কয়, ‘কে কে আৰু জুবিনৰ কথা মোৰ মনলৈ আহিলেই আজিও বিশ্বাস কৰিব নোৱাৰো যে তেওঁলোক নাই। কে কে আৰু জুবিন গুচি গ’ল সেয়া মোৰ বাবে এতিয়াও অবিশ্বাস্য। মই কে কেৰ স’তে বহু বেছি কাম কৰিছো; কিন্তু সেই সময়তে জুবিন আৰু মোৰ মাজত অতি নিকট বন্ধুত্ব গঢ়ি উঠে। মুম্বাইৰ আন্ধেৰী ইষ্টৰ পিএমজিপি কল’নীত থকা জুবিনৰ ঘৰলৈ মই নিয়মিত গৈছিলো। সেই ঘৰটোত বহু অসমীয়া মানুহ আছিল।’
জুবিনৰ স’তে থকা গাঢ় বন্ধুত্ব সুঁৱৰি প্ৰীতমে কয়, ‘জুবিন অসমত অতি বিখ্যাত আছিল। কিন্তু সেই সময়ত তেওঁ মুম্বাইত আছিল নতুন। গেংষ্টাৰৰ পূৰ্বেও বহু বিজ্ঞাপন আৰু টিভি চিৰিয়েলত জুবিনে মোৰ বাবে গীত গাইছিল। ইয়াৰে কিছুমানে অনুমোদন লাভ কৰিছিল আৰু কিছুমানে কৰা নাছিল। কিন্তু কথাবোৰ তেতিয়া তেনেকুৱাই আছিল। যেতিয়া ‘য়া আলী’ৰ কথা আহিল তেতিয়া জুবিন অতি উৎসাহিত হৈছিল, কিয়নো অনুৰাগে জুবিনৰ মিউজিক ভিডিঅ’ শুট কৰিবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ পাছত জুবিনে মোৰ বাবে আৰু কেইটামান গীত গায় আৰু তাৰ পাছত অসমলৈ ওভতে। তাৰ পাছৰে পৰা আমাৰ মাজত যোগাযোগ কিছু কম হৈছিল।’
আজি গেংষ্টাৰৰ ২০ সংখ্যক বার্ষিকীত প্রীতমে পুনৰ জুবিনৰ স্মৃতি সুঁৱৰি কয় যে আমেৰিকাত তেওঁ যেতিয়া জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি গীত পৰিবেশন কৰিছিল তেতিয়া তেওঁ মনত জোৰ বান্ধিছিল যে তেওঁ ভাগি নপৰে। কিন্তু ইয়াৰ পূৰ্বে কে কেৰ মৃত্যুৰ পাছত তিনিটা অনুষ্ঠানত প্রীতমে কে কেৰ শ্রদ্ধাঞ্জলিত গেংষ্টাৰত কে কেৰ কণ্ঠৰ গীত ‘যৰা ছি’ৰ লগতে আন কেতবোৰ গীত পৰিবেশন কৰিবলৈ গৈ ভাঙি পৰিছিল। তেওঁ কয়, ‘মই কে কেৰ ‘যৰা ছি’ আৰু অন্যান্য গীত গাবলৈ লৈ শেষৰফালে সম্পূৰ্ণ কৰিব পৰা নাছিলো কিয়নো মঞ্চৰ পাছফালে ঘূৰি স্ক্ৰীণত ভাহি থকা কে কেৰ ফটো দেখিছিলো। এই দৃশ্যই মোক ব্যাকুল কৰি তুলিছিল আৰু মই গ্রীণ ৰূমলৈ গৈ পৰৱৰ্তী তিনিটা গান গাবলৈ মঞ্চলৈ উভতিব পৰা নাছিলো। কিয়নো মই ভাগি পৰিছিলো। সেয়েহে এইবাৰ আমেৰিকাত জুবিনৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাই গীত গাওঁতে মই সিদ্ধান্ত ল’লো যে পাছলৈ উভতি নাচাওঁ। কে কে আৰু জুবিন বিশ্বৰ বাবেই গায়ক হ’ব পাৰে; কিন্তু আমি একেলগে জীৱন আৰম্ভ কৰিছিলো।’
তেওঁ কয়, ‘মই অতি ঘনিষ্ঠজনৰ শেষকৃত্য এৰাই চলাত অভ্যস্ত কিয়নো তেওঁলোকক তেনে অৱস্থাত নোচোৱা পর্যন্ত এই সম্পৰ্কৰ কোনো শেষ নাথাকে। এই সম্পৰ্কৰ অন্ত পেলোৱাটো মই গ্ৰহণ কৰিব নোৱাৰো। মই জানো যে এই মানুহজন আৰু নাই। কিন্তু মোৰ অৰ্ধচেতনাত ই হেৰাই নাযায়।
