Shiksha Setu:✒️বিদ্যালয়ত শিক্ষকসকলৰ নিয়মীয়া আৰু সময়মতে উপস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নিত্য নতুন নির্দেশনা জাৰি কৰি আহিছে। শেহতীয়াকৈ শিক্ষা বিভাগে এক নির্দেশনা জাৰি কৰি ৰাজ্যৰ সকলো চৰকাৰী, প্রাদেশিকীকৃত প্রাথমিক বিদ্যালয়, উচ্চ প্রাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়, এমভি স্কুল,হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত অধ্যক্ষ, প্রধান শিক্ষক আৰু শিক্ষকক পুৱা ৯-১০ বজাৰ পূৰ্বেই শিক্ষা সেতু এপৰ জৰিয়তে নিজৰ উপস্থিতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।
শিক্ষকসকলে কোনো ধৰণৰ প্রতিবাদ নকৰাকৈয়েই শিক্ষা বিভাগৰ এই নির্দেশনা মানি চলিছে যদিও তেওঁলোকৰ মাজত অৱশ্যেই অসন্তুষ্টি বিৰাজ কৰিছে। কিয়নো নির্দেশনাটোত স্পষ্টভাবে কোৱা হৈছে যে ৯-১০ বজাতকৈ এক মিনিট পাছত উপস্থিতি দিলেও শিক্ষা সেতু এপে তাক অনুপস্থিতি বুলিহে গণ্য কৰিব।
শিক্ষা বিভাগৰ এই কঠোৰ নিৰ্দেশনাক একাংশই আদৰণি জনাইছে যদিও নির্দেশটো বিভাগীয় আন বিষয়া-কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বাধ্যতামূলক হোৱাটোও বহুতে পোষকতা কৰিছে। একাংশই আঙুলিয়াই দিছে যে বিদ্যালয়সমূহৰ বিদ্যায়তনিক, প্রশাসনিক, আন্তঃগাঁথনি আদি বিভিন্ন দিশ চোৱা-চিতা কৰে জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কার্যালয়, জিলা প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু বিদ্যালয় পৰিদৰ্শকৰ কার্যালয়ে।
সংশ্লিষ্ট কাৰ্যালয়ৰ কোনো এগৰাকী বিষয়া, কৰ্মচাৰীৰেই ১১ বজাৰ পূৰ্বে নিজা কাৰ্যালয়ত পদার্পণ নঘটে। জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া, সমগ্র শিক্ষাৰ বিষয়া, খণ্ড প্রাথমিক শিক্ষা বিষয়া, বিদ্যালয় পৰিদৰ্শক, উপ-পৰিদৰ্শকসকলৰ অধিকাংশই বিদ্যালয় পৰিদৰ্শন, বিভাগীয় সভা আদিৰ অজুহাতত বহু সময়ত কার্যালয়তো উপস্থিত নাথাকে।
বৌদ্ধিক মহল আৰু অভিভাৱকসকলৰ মন্তব্য হ’ল শিক্ষা বিভাগৰ এই বিষয়াসকলক শিক্ষা সেতু এপৰ জৰিয়তে নাকী লগাব নোৱাৰি কিয়?
নগাঁও জিলাতো উপস্থিতিৰ ক্ষেত্ৰত কৰ্মৰত শিক্ষকসকলৰ ওপৰত অত্যন্ত কঠোৰ আচৰণ কৰা শিক্ষা বিষয়াসকলৰ অধিকাংশই সময়মতে কৰ্মস্থলীত উপস্থিত নথকাৰ অভিযোগ দীর্ঘদিনৰ। জিলাখনৰ নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়, কলিয়াবৰ খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, কঠিয়াতলি খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, কপিলী খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, খাগৰিজান খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, লাওখোৱা খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, জুৰীয়া খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, বঢ়মপুৰ খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, বটদ্ৰৱা খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, বাজিয়াগাঁও প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, ডিআই নগাঁও কার্যালয়, ডিইইঅ’ অফিচ নগাঁৱৰ বিষয়া-কর্মচাৰীসকলেও কোনো দিনেই ১০ বজাৰ পূৰ্বে কাৰ্যালয়ত উপস্থিত নহয় বুলি অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, একাংশ খণ্ড প্রাথমিক শিক্ষা বিষয়াই নির্ধাৰিত সময়ত নিজা কার্যালয়ত উপস্থিত নোহোৱাৰ উপৰি বহু সময়ত অকর্তৃত্বশীলভাবেও কার্যালয়লৈ দুই-তিনিদিন ধৰি নহাকৈ থাকে। গতিকে এনে বিষয়াই অধস্তন কর্মচাৰীসকলকো নিয়ন্ত্রণ কৰিব নোৱাৰে।
কৰ্মচাৰীসকলেও খেয়াল খুচি অনুসৰি কাৰ্যালয়লৈ অহা-যোৱা কৰে। ফলত সংশ্লিষ্ট শিক্ষা বিষয়াসকলৰ কাৰ্যালয়লৈ বিভিন্ন কামত শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰী আৰু পেন্সনাৰসকলে তাঁত-বাটি কৰিবলগীয়া হয় বুলি অভিযোগ উঠিছে।
উপস্থিতিৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে সকলোৰে বাবে একে নির্দেশনা জাৰি কৰা উচিত বুলিও চর্চিত হৈছে।ইপিনে, ধুবুৰী জিলাৰ একাংশ শিক্ষকে সময় অনুসৰি বিদ্যালয়ত উপস্থিত হোৱাৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপন হৈছে।
তদুপৰি একাংশই দিনৰ ১২ বজাৰ পূৰ্বে বিদ্যালয় ত্যাগ কৰাৰো অভিযোগ দীর্ঘদিন ধৰি উত্থাপন হৈ আহিছে। অৱশ্যে যাতায়াতৰ ক্ষেত্ৰত থকা সমস্যাৰ বাবে একাংশই এনে সমস্যাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে।
