ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

IMG 20260429 WA0031

মৰিগাঁও জিলাৰ মায়ঙৰ বুঢ়াবুঢ়ী হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি বিদ্যালয়ৰ প্ৰাংগনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়।

কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল মান্নানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত কেন্দ্ৰৰ অধীনস্থ পাঁচ খন বিদ্যালয়ৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ জেচিকা ৰিকজা খানমে ডিষ্টিংচন নম্বৰ পাবলৈ সক্ষম হয়। মৰিগাঁও জিলাৰ মায়ঙৰ বুঢ়াবুঢ়ী পঞ্চায়তৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইক্ৰা একচেলেঞ্চ একাডেমীৰ ছাত্ৰী গৰাকীয়ে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত অসমীয়া বিভাগত এশ ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।জেচিকাৰ পৰিয়ালে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ঘৰ দুৱাৰ হেৰুৱাই সৰ্বস্বান্ত হৈ বৰ্তমান খলাভূঞাত বসবাস কৰি থাকে।

জেচিকাক কেন্দ্ৰৰ সক্ৰীয় সদস্য আব্দুল খালেকে পূৰ্বে ঘোষণা কৰা সাত হাজাৰ টকাৰ পুৰস্কাৰ আজি নিজ হাতেৰে আগবঢ়ায়।কৃৰ্তিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰী সকলক গামোচা, জাঁপি, কিতাপৰ টোপোলা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়।

সাংবাদিক নজৰুল ইছলামে আঁতধৰা সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কেন্দ্ৰ ব্যৱস্থাপক হবিবুৰ ৰহমানে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক পবন বিষয়া আৰু উপাধ্যক্ষ কবিতা মেধি বিষয়া।

তদুপৰি সভাত ভাষণ আগবঢ়াই চৰকাৰী গাওঁ প্ৰধান ওচমান আলী,যুৱ সমাজ কৰ্মী ছামছুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক অনিল সৰকাৰ আৰু সাংবাদিক নজৰুল ইছলামে।সভাৰ আৰম্ভণিতে শিক্ষক বিমল লোধৰ পৰিচালনাত উদ্বোধনী গীত পৰিবেশন কৰে বিদ্যালয়ৰ ত্ৰিশ গৰাকী ছাত্ৰীয়ে।

সভাত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুধাংশু দাস, কুৰানীবৰী হাইস্কুলৰ প্ৰধান শিক্ষক মুমতাজ হুছেইন, সিধাগুৰি মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোবাৰক আলী,গাগলমাৰী আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বহিদুল ইছলামকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি।

Exit mobile version