অধিকাংশ বিৰোধী দল ঐক্যবদ্ধ হৈ এইবাৰৰ বিধানসভা নির্বাচনত অৱতীর্ণ হোৱা সত্ত্বেও বিজেপি নেতৃত্বাধীন এনডিএৰ অশ্বমেধ ঘোঁৰা যাত্ৰাৰ ৰুদ্ধ কৰিবলৈ সক্ষম নহ’ব নেকি?
কেৱল সেয়াই নহয়, বিৰোধীৰ ঐক্যবদ্ধ যুঁজ সত্ত্বেও এনডিএৰ শক্তিশালী উত্থানহে ঘটিব নেকি? এনে ইংগিতে দিছে আজি সন্ধিয়া প্রকাশ পোৱা নির্বাচনোত্তৰ সমীক্ষা (এগজিট প’ল) সমূহে। এনডিটিভি-এক্সিছ মাই ইণ্ডিয়াৰ মতে, এনডিএই এইবাৰ ৰাজ্যত মুঠ আসনৰ ৮৮ৰ পৰা ১০০ খনত জয়যুক্ত হ’ব। ইয়াৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যই ২৪-৩৬ আসন পাব।
উক্ত সমীক্ষা অনুসৰি, বিজেপিয়ে এইবাৰ অকলে চৰকাৰ গঠনতকৈ অধিক তথা ৭২-৮০ আসনত জয়লাভ কৰিব। ইয়াৰ বিপৰীতে এনডিএৰ আন দুই অংশীদাৰ দল অগপই ৭-৯ আৰু বিপিএফে ৯-১১ খন আসন পাৰ বুলি উক্ত সমীক্ষাই কৈছে। ইপিনে, বিৰোধী মিত্রজোটৰ মূল অংশীদাৰ কংগ্ৰেছে ২২-৩০, ৰাইজৰ দলে ১-৪, অজাপই ১-৬, চিপিআই(এম) এ ০-১ আৰু এপিএইছচিএলে ০-২ আসনত জয়যুক্ত হ’ব।
উক্ত সমীক্ষাত এইবাৰ ৰাজ্যত এনডিএ ৪৮ শতাংশ ভোট লাভ কৰিব বুলি কোৱা হৈছে। কেৱল বিজেপিয়ে ৩৭ শতাংশ, অগপই সাত শতাংশ আৰু বিপিএফে চাৰি শতাংশ ভোট লাভ কৰিব বুলি সমীক্ষাটোৱে কৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যই ৩৮ শতাংশ ভোট লাভ কৰিব বুলি কোৱা হৈছে।
সমীক্ষাটোৰ মতে, কংগ্ৰেছে ৩১ শতাংশ, ৰাইজৰ দলে তিনি শতাংশ, অজাপই তিনি শতাংশ আৰু চি পি আই (এম) তথা এপিএইচচিএলে এক শতাংশকৈ ভোট লাভ কৰিব। আনহাতে, বদরুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে দুই শতাংশ ভোট লাভ কৰিব বুলি সমীক্ষাটোরে দাবী কৰিছে।
আনহাতে, জনমত প’লছৰ শীৰ্ষক সমীক্ষক সংস্থাৰ মতে, এনডিএই ৮৭-৯৮, বিৰোধী ঐক্যই ২৯-৩০ আসন লাভ কৰিব। একেদৰে জেভিচিৰ মতে, এনডিএই ৮৮-১০১, বিৰোধী ঐক্যই ২৯-৩০, কামাখ্যা এনালীটিক্সব মতে, এনডিএই ৮৫-৯৫, বিৰোধী ঐক্যই ২৬-৩৯ আৰু অন্যানই তিনিখন আসন পাব।
ইপিনে মেট্রিজৰ মতে, এনডিএই ৮৫-৯৫, বিৰোধী ঐক্যই ২৫-৩২ আৰু অন্যান্যই ৬-১২ খন আসন পাব। একেদৰে পিপ’লছ ইনছাইটৰ মতে, এনডিএই ৮৮-৯৬, বিৰোধী ঐক্যই ৩০-৩৪ আৰু অন্যান্যই ২-৪ খন আসন পাব। প’ল ডিআৰই শীর্ষক সংস্থাৰ মতে, এনডিএই ৮৬-১০১ আৰু বিৰোধী ঐক্য ১৫-২৬ খন আসন পাব। এই সমীক্ষাসমূহৰ গড় উলিয়ালে দেখা যায় যে এনডিএই ১২, বিৰোধী ঐক্যই ২৮ আৰু অন্যান্যই ছখন আসন পাব।
উল্লেখ্য যে নির্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দাবী কৰিছিল যে এইবাৰ এনডিএই ৯০ খন আসনত জয়লাভ কৰিব। আনকি ১০০খন আসনত জয়লাভ কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব বুলিও তেওঁ দাবী কৰিছিল। আনহাতে, আজি নির্বাচনোত্তৰ ফলাফল প্ৰকাশৰ পাছত প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিৰোধী ঐক্যলৈ তীব্র কটাক্ষবাণ নিক্ষেপ কৰে।
তেওঁ কয়, ‘অহা চাৰি মে’ (ফলাফল ঘোষণাৰ দিন) ত বিৰোধীয়ে পৰিণাম ভোগ কৰিব। সামাজিক মাধ্যমত লাইক, কমেন্ট, শ্বেয়াৰ বেছি আহিলে বিৰোধীয়ে চৰকাৰ হ’ব বুলি ভাবে। এগজিট প’লত দিয়া ধৰণে আমি তিনিটা সংখ্যাৰ ফলাফল পাম। বিৰোধীয়ে পৰাজয় নিশ্চিত বুলি জানেই। আজি স্পষ্ট হৈ গ’ল।’
তেওঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈকো সমালোচনা কৰি লগতে কয়, ‘স্ট্রং ৰূমলৈ মানুহ পঠাই ভৱা ভাবধাৰাৰে ৰাইজক বিভ্রান্ত কৰিবলৈ চেষ্টা কৰিছে অখিল গগৈয়ে।’
ইপিনে, বিৰোধী ঐক্যই এই এগজিট প’লৰ ফলাফলসমূহক বিশ্বাস নকৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। আজি এখন সংবাদমেলত কংগ্রেছ সাংসদ ৰকিবুল হুছেইনে কয়, ‘চৰকাৰী বিষয়াসকলক ভয় খুৱাবলৈ এইবোৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতৰ মুঠিত থকা চেনেলসমূহৰ জৰিয়তে প্ৰচাৰ কৰিছে। বিজেপিৰ প্ৰতি ৰাইজৰ ভিতৰি বিতৃষ্ণাৰ জন্ম হ’ল। ইয়াৰ প্রভাব নির্বাচনত পৰিছে। গতিকে এগজিট প’লসমূহৰ ফলাফল ৰাইজে বিশ্বাস কৰাৰ প্ৰয়োজন নাই।’
কংগ্রেছ নেত্রী তথা দলৰ দিছপুৰৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও এগজিট প’লৰ ফলাফলসমূহক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। ইপিনে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, ‘এগজিট প’লে যি কয় কৈ থাকক। চৰকাৰ বিৰোধীৰ হ’ব। স্ট্রং কমসমূহ সঠিকভাৱে পহৰা দি ৰাখক।’ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও এগজিট প’লসমূহৰ ফলাফলক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।
