Today’s Horoscope:দিনটোৰ ৰাশিফল

143804005

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: কর্মত শুভ। নিজকে শক্তিশালী কৰি ৰাখিব। আনৰ কথাত মন নিদিব। বগা বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।

বৃষ: নিজৰ অৰ্হতাৰ ওপৰত স্থিতি নিয়ন্ত্ৰণ কৰিব। পুৰণি কামবোৰ সফল হ’বলৈ গৈ আহে বিদ্যাত শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

মিথুন: স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। মনৰ চঞ্চলতা বাঢ়িব। কৰ্মত মধ্যম, নীলা কাপোৰ পৰিধান কৰিব। শুভ ৰং নীলা, শুভ সংখ্যা ১।

কর্কট: বন্ধুবৰ্গৰ পৰা দূৰত থাকক। মনলৈ কোনো দুশ্চিন্তা আহিব পাৰে। উচ্চাকাংক্ষা বজাই ৰাখক। কৰ্মত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

সিংহ: মনৰ শান্তি বাঢ়িব। প্রেমত মধ্যম। আয়তকৈ ব্যয় বৃদ্ধি। নতুন সংগৰ যোগ আছে। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৬।

কন্যা: দিনতো অধিক ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। বন্ধুৰ পৰা দূৰত থাকক। শুভ ৰং ক’লা, শুভ সংখ্যা ৪।

তুলা: নিজৰ স্থিতি বজাই ৰাখি কাম কৰক। পুৰণি হেৰুওৱা বস্তু ঘূৰাই পোৱাৰ আশা আছে। পুৱা তুলসীৰ তলত পানী ঢালিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

বৃশ্চিক: বন্ধুবৰ্গৰ পৰা দূৰত থাকক নাইবা অযথা শত্রু বৃদ্ধি পাব। শিক্ষাৰ্থীৰ বাবে শুভ। কর্মত মধ্যম। প্রেমত শুভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।

ধনু: মনৰ অস্থিৰতা বাঢ়িব। ব্যৱসায়ত শুভ। ভ্রমণ কৰোতে সোঁফালৰ পৰা কৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭।

মকৰ : ব্যৱসায়ত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। মনৰ অশান্তি আছে যদিও দিনটো ভালে যাব। শুভ ৰং ক’লা, শুভ সংখ্যা ৪।

কুম্ভ: ব্যৱসায়ত মধ্যম। নতুন কামৰ সুযোগ পাব পাৰে। দু-চিন্তা মনলৈ আহিব নিদিব। আর্থিক লাভৰ সম্ভাৱনা আছে। শুভ ৰং বগা। শুভসংখ্যা ১।

মীন: অতিৰিক্ত ব্যয় হ’ব পাৰে। নিজৰ ভাৰসাম্য বজাই ৰাখক। আর্থিকত ভাল। বিদ্যাত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

Exit mobile version