গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

vampate calore cosa sono cause migliori rimedi

বাহিৰলৈ ওলোৱাৰ আগতে কেনেকৈ যত্ন ল’ব-বাহিৰলৈ যোৱাৰ আগতে প্রায় আধা ঘণ্টা আগতে তলৰ পদ্ধতিবোৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

১। তিয়হ আৰু নেমুৰ ৰসঃ তিয়হ ভালকৈ চেপি তাৰ ৰস উলিয়াওক। তাত কেইটামান টোপাল নেমুৰ ৰস মিহলাই কপাহেৰে মুখ আৰু ডিঙিত লগাওক। ১০-১৫ মিনিট পাছত ঠাণ্ডা পানীৰে ধুই পেলাওক। ই ছালখন শীতল কৰি ঘামৰ পৰিমাণ কমায়।

২। চন্দন আৰু গোলাপজল: চন্দনৰ গুড়িৰ স’তে ঠাণ্ডা গোলাপজল মিহলাই এটা মিহি পেষ্ট দিয়ক। তাৰ পাছত বনাওক। মুখ আৰু ডিঙিত সমানকৈ লগাই শুকাবলৈ ঠাণ্ডা পানীৰে ধুই পেলালে ছালখন দীঘলীয়া সময়লৈ সতেজ আৰু আৰামদায়ক অনুভৱ কৰিব।

৩। বিলাহী আৰু মৌ এটা পকা বিলাহীৰ ৰস উলিয়াই তাৰ স’তে এক চামুচ মৌ মিহলাই মুখত লগাওক। ১৫ মিনিট ৰাখি ধুই পেলাওক। ই ছালৰ অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰে আৰু ক’লা দাগ পাতল কৰাত সহায় কৰে।

৪। মুলতানি মাটি আৰু পদিনা দুই চামুচ মুলতানি মাটিৰ স’তে পদিনা পাত বটা অলপ পানীত মিহলাই এটা পেক বনাওক। মুখ আৰু ডিঙিত লগাই ১৫-২০ মিনিট ৰাখক। শুকাই গ’লে ঠাণ্ডা পানীৰে ধুই পেলাওক। সপ্তাহত ২-৩ বাৰ এই পেক ব্যৱহাৰ কৰিলে ছাল শীতল আৰু পৰিষ্কাৰ থাকে।

৫। অটচ আৰু গাখীৰ:অটচ গুড়িৰ স’তে গাখীৰ মিহলাই মিহি পেষ্ট বনাওক। মুখত লাহে লাহে মালিচ কৰি ১০ মিনিটমান ৰাখক। তাৰ পাছত ধুই পেলাওক। ই ছালৰ মৃত কোষ আঁতৰাই ছাল মসৃণ আৰু উজ্জ্বল কৰি তোলে।

অতিৰিক্ত যত্নৰ বাবে কিছুমান দিহা-

দিনটোত যথেষ্ট পানী খাওক। শৰীৰ শীতল থাকিবলৈ সহায় কৰে। বাহিৰলৈ ওলাই যাওঁতে ছাতি ব্যৱহাৰ কৰক।গৰমত বেছি ৰাসায়নিক সামগ্রীযুক্ত মেকআপৰ বস্তু ব্যৱহাৰ নকৰাই ভাল। দিনটোত দুবাৰ ঠাণ্ডা পানীৰে মুখ ধুই ল’লে ছাল সতেজ থাকে। গৰমৰ সময়ছোৱাত অলপ সচেতনতা আৰু নিয়মীয়া যত্নই আপোনাৰ ছাল সুস্থ, উজ্জ্বল আৰু সতেজ ৰাখিব পাৰে। কোনো কেমিকেল জাতীয় সামগ্ৰী ব্যৱহাৰ নকৰাকৈ ঘৰতেই সহজ উপায়েৰে ছালৰ যত্ন লোৱাই উপযোগী। ই ছালৰ কোনো ক্ষতি নকৰে।

Exit mobile version