Today’s Horoscope:দিনটোৰ ৰাশিফল

143804005

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত অশান্তি হ’ব পাৰে। চাকৰিৰ স্থান সলনি হ’ব পাৰে। অৰ্শ জাতীয় ৰোগলৈ চিন্তা হ’ব পাৰে। পঢ়া-শুনাৰ বাবে সুনাম বৃদ্ধি। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৪।

বৃষ: ব্যৱসায়ৰ দিশত লাভান্বিত হ’ব পাৰে। প্ৰেমৰ দিশত অশান্তি হ’ব পাৰে। ঘৰত খৰচ বৃদ্ধিৰ বাবে স্ত্ৰীৰ লগত বিবাদ হ’ব পাৰে। অতিথি আহিব পাৰে। ভ্ৰমণৰ বাবে শুভ দিন। শুভ ৰং ক’লা। শুভ সংখ্যা ৯।

মিথুন: সন্তানৰ বাবে চিন্তা বৃদ্ধি। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজি শুভ দিন। প্ৰেমৰ বাবে ঘৰত অশান্তি হ’ব পাৰে। কৰ্মস্থানত কামৰ বৃদ্ধি হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

কর্কট: আর্থিক দিশত শুভ ফল। সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে। মানসিকভাৱে যন্ত্রণা হ’ব পাৰে। স্বামী-স্ত্ৰীৰ মাজত বিবাদ হ’ব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৬।

সিংহ: চাকৰিৰ স্থানত উন্নতিৰ সুযোগ দেখা যায়। প্ৰেমৰ দিশত শান্তি লাভ কৰিব। বন্ধুৰ বাবে কামত মনোযোগ বৃদ্ধি। অগ্নিৰ পৰা সাৱধানে থাকক।শুভ ৰং বগা। শুভ সংখ্যা ২।

কন্যা: আপোনাৰ কৰ্মফলত ব্যৱসায় উন্নতিৰ যোগ। যান-বাহন চলোৱা লোকসকলে আজিৰ দিনটো সাৱধানে থাকক। পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

তুলা: সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব। প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে। আর্থিক দিশত অশান্তি হোৱাৰ বাবে ঘৰত অশান্তি হ’ব পাৰে। বন্ধুবোৰৰ ব্যৱহাৰত মনৰ অশান্তি হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

বৃশ্চিক: বন্ধুৰ বেয়া খবৰ ঘৰলৈ আহিব পাৰে। প্ৰিয়জনৰ ব্যৱহাৰে আজি আপোনাক মনত আঘাত দিব পাৰে। বৃথা ভ্রমণ হ’ব পাৰে। সমাজৰ কামৰ দায়িত্ব বাঢ়িব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

ধনু: গোটেই দিনটো কামৰ মাজেৰে পাৰ হৈ যাব। ব্যৱসায় দিশত উন্নতি হ’ব পাৰে। দাম্পত্য সুখত পাৰ হ’ব। উচ্চ শিক্ষাৰ শুভ ফল। ভ্রমণৰ দিশত বাধা দেখা যায়। শুভ ৰং ছাই। শুভ সংখ্যা ৫।

মকৰ: আর্থিক দিশত অশান্তি হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। অতিৰিক্ত খঙৰ বাবে ব্যৱসায় দিশত সমস্যা হ’ব পাৰে। পিঠিৰ বিষৰ সমস্যা হ’ব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ২।

কুম্ভ: ব্যৱসায়ৰ ক্ষেত্ৰত নতুন আৰম্ভ হ’ব পাৰে। যুক্তিপূর্ণ কথাত সুনাম বাঢ়িব পাৰে। সংগীতৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ। শিক্ষাৰ শুভ ফল। শুভ ৰং মাখন। শুভ সংখ্যা ৪।

মীন: ব্যৱসায়াৰ দিশত অশান্তি হ’ব পাৰে। ঘৰুৱা দিশত শান্তি বজায় থাকিব। শিক্ষার্থীসকলৰ বাবে আজি দিনটো বহু বেছি ভাল নহয়। প্রেমত বাধা দেখা যায়। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।

Exit mobile version