Today’s Horoscope:দিনটোৰ ৰাশিফল

143804005

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: কর্মস্থানত সুনাম বৃদ্ধি হ’ব পাৰে। আর্থিক দিশত অশান্তি হ’ব পাৰে। আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ’ব পাৰে। প্ৰেমৰ দিশৰ অশান্তি হ’ব পাৰে। শুভ ৰং মাখন। শুভ সংখ্যা ৭।

বৃষ: আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব। আত্মীয়ৰ কাৰণে বিবাহ হ’ব পাৰে। প্ৰেমৰ দিশত শুভ ফল। কর্মস্থানত কামৰ বৃদ্ধি হ’ব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ১।

মিথুন: আপোনাৰ ভাল ব্যৱহাৰত আজি আপোনাক কর্মক্ষেত্রত সুনাম লাভ হ’ব। ব্যৱসায় দিশত আয় বৃদ্ধি হ’ব পাৰে। দূৰৰ ভ্ৰমণৰ বাবে ঘৰত আলোচনা হ’ব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৪।

কর্কট: কৰ্মৰ ঠাইত অশান্তি হ’ব পাৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভফল পাবলৈ থকা ধন ঘূৰাই পাব। প্ৰিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ২।

সিংহ: ভ্ৰমণৰ ক্ষেত্ৰত বাধা হ’ব পাৰে। নিজৰ অজান্তেই এনেকুৱা কাম কৰিব য’ত সকলোৱে প্ৰতি লাভ কৰিব। বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম নকৰিব। শুভ ৰং সোণালী। শুভ সংখ্যা ৯।

কন্যা: কামৰ বৃদ্ধি হোৱা বাবে মানসিক ক্ষেত্ৰত হেঁচা পৰিব। সমাজৰ কামৰ বাবে সুনাম লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অশান্তি হ’ব পাৰে। দেউতাৰ শৰীৰক লৈ চিন্তা বৃদ্ধি হ’ব। শুভ ৰং ৰঙা। শুভসংখ্যা ৩।

তুলা: পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। অতিৰিক্ত খঙে সংসাৰত অশান্তি দিব। নতুন গৃহ নিৰ্মাণৰ সুযোগ দেখা যায়। সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ২।

বৃশ্চিক: ঘৰুৱা দিশত বেছি মনোযোগ দিয়াৰ প্ৰয়োজন। ক’লা বিদ্যাৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ। যিকোনো নতুন অর্থনৈতিক আলোচনা চূড়ান্ত কৰা হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

ধনু: শিল্প কামৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ। ব্যৱসায় দিশৰ আয় বৃদ্ধি হোৱাৰ যোগ। অর্থনৈতিক সমস্যাৰ সম্মুখীন হ’ব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৮।

মকৰ: আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব। প্রয়োজনৰ সময়ত আপোনাৰ লগত কোনো থিয় নহ’ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

কুম্ভ: আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰে আজি আপোনাক বহুত আঘাত দিব। তেতিয়ালৈকে কোনো প্রতিশ্রুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপত সেই কাম কৰাৰ সক্ষম নহয়। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

মীন: বিদ্যার্থীসকলৰ বাবে নতুন পথ খুলিব পাৰে। আনৰ সহায়ে আপোনাৰ মন আনন্দিত কৰাব। কর্মস্থানৰ ফালৰ পৰা বিদেশ যাত্রা হ’ব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৬।

Exit mobile version