Today’s:Horoscope:দিনটোৰ ৰাশিফল

143804005

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: এই ৰাখিৰ জাতক-জাতিকাৰ দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি। পৰিয়ালৰ কোনোবা অসুস্থতাৰ কাৰণে অর্থ ব্যয় হ’ব। শুভ ৰং বগা, শুভ সংখ্যা ২।

বৃষ: আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ব্যয়ৰে ধৰি ৰাখিব। চাকৰিয়ালৰ কাৰণে দিনটো শুভ। প্ৰেমত শুভ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।

মিথুন: কর্মক্ষেত্রত অমনোযোগ দেখা দিব, মানসিক চিন্তা থাকিব। ব্যৱসায়ত মধ্যম। প্রেমত অশুভ ফলদায়ক। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কর্কট: আজিৰ দিনটোত পৰিশ্ৰম অনুযায়ী ফল নাপাব। মূৰৰ যন্ত্রণাত ভুগিব পাৰে। বিদ্যার্থীসকলে পঢ়া-শুনাৰ বিষয়ে গুৰুত্ব দিব লাগিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

সিংহ: আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ক্ষতিও হোৱাৰ সম্ভাৱনা। ভ্ৰমণৰ যোগ দেখা যায়। বিদ্যাত শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭।

কন্যা: ঘৰুৱা কাজিয়া-পেচালৰ কাৰণে মন বিক্ষিপ্ত থাকিব। যানবাহনৰ ক্ষেত্ৰত সাৱধান থাকিব। আর্থিক ক্ষেত্রত ভালেই দেখা যায়। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

তুলা: পুৰণি প্রাপ্যধন প্রাপ্তিৰ যোগ দেখা যায়। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ৬।

বৃশ্চিক: কর্মক্ষেত্রত শত্ৰুৰ পৰা সাৱধান থাকিব। ভ্ৰমণৰ যোগ দেখা যায়। অসুস্থতাৰ কাৰণে কিছু অর্থ ব্যয় হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভসংখ্যা ৮।

ধনুঃ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা নাযায়। বন্ধুৰ পৰা সাৱধানে থাকিব। দিনটোত খৰচৰ মাত্রা বৃদ্ধিৰ ফলত মানসিক চিন্তা থাকিব। শুভ ৰং নীলা, শুভ সংখ্যা ৩।

মকৰ: কৰ্মক্ষেত্ৰত নানা ভুল-ভ্রান্তি হ’ব পাৰে। গতিকে সতর্ক থাকিব। দাম্পত্য আৰু প্ৰেমত বিবাদ বিতর্ক, ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা নাযায়। শুভ ৰং বগা, শুভ সংখ্যা ৪।

কুম্ভ: অনাৱশ্যক খৰচ আৰু ৰাগ, খং বৃদ্ধি। হ’বলগীয়া পৰি থকা কাম আজি নতুনকৈ আৰম্ভ কৰিব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ক’লা, শুভ সংখ্যা ৬।

মীন: ব্যৱসায়ত মধ্যম। ভ্ৰমণৰ যোগাযোগ। ঘৰৰ কৰ্মৰ ব্যস্ততা বাঢ়িব। বন্ধুৰ লগত মনোমালিন্য দেখা যায়। শুভ ৰং আকাশী নীলা, শুভসংখ্যা ৪।

Exit mobile version