অযোধ্যা গোচৰত আদালত নিৰীক্ষিত মধ্যস্থতাকাৰী নিযুক্তিক লৈ শুনানি স্থগিত

Supreme Court of India

ৰাম জনমভূমি বাবৰি মছজিদ বিবাদ প্ৰকৃততে ভূমিক লৈ নহয়, বিশ্বাস আৰু অনুভূতিৰহে বিষয় বুলি আজি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। বহু দশকজোৰা এই বিতৰ্কৰ অন্ত পেলাবলৈ কেতবোৰ পক্ষই দাখিল কৰা আবেদনৰ শুনানি সময়ত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এখন পাঁচজনীয়া পীঠে স্পষ্ট কৰি দিয়ে যে বাবৰি মছজিদ বিতৰ্ক সম্পত্তিক লৈ নহয় ।

ADVERTISEMENT

এই বিতৰ্ক মানুহৰ মনৰ। এই পক্ষসমূহে বিতৰ্কটোৰ অন্ত পেলাবলৈ আদালত নিৰীক্ষিত মধ্যস্থতাকাৰী নিযুক্তিৰ সপক্ষে বিপক্ষে ন্যায়ালয়ত আবেদন জনায়।অৱশ্যে ন্যায়ালয়ে আজি এনে মধ্যস্থতাকাৰী নিযুক্তি সম্পৰ্কীয় শুনানি স্হগিত ৰাখে।

আবেদনসমূহৰ শুনানি গ্ৰহণৰ সময়ত পাঁচজনীয়া পীঠখনৰ অন্যতম বিছাৰপতি এছ এ ব’বডেই কয়, ‘আমাক বুৰঞ্জীৰ বিষয়ে নক’ব। আমিও বুৰঞ্জী জানো। অতীতৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই । কোনোবাই অতীতত আক্ৰমণ কৰাটো আমি এতিয়া নোহোৱা কৰিব নোৱাৰে । তেওঁৰ সময়ত তেওঁ ৰজা আছিল ।’ অযোধ্যা বিবাদৰ গভীৰতাক লৈ সচেতন বুলিও বিছাৰপীঠখনে মন্তব্য কৰে।

Exit mobile version