অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত ৰুজু হৈ থকা 936/2016 নম্বৰ গোছৰত এইবাৰ জেৰাৰ সন্মুখীন হব ৰাজ্যৰ কেইবাজনো হাই প্ৰফাইল ব্যক্তি । ইয়াৰ বাবে সংশ্লিষ্ট গোছৰৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে পুনৰ অতিৰিক্ত তিনিমাহ সময় বিছাৰি বিশেষ আদালতৰ দ্বাৰস্হ হৈছে ডিব্ৰুগড় আৰক্ষী ।ডিব্ৰুগড় আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই এই কথা অৱগত কৰে।সূত্ৰটোৱে জনোৱা মতে , দন্ত্য চিকিৎসক ডা:অংশুমিতা গগৈয়ে দাখিল কৰা এজেহাৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে ৰুজু কৰা 936/2016 নম্বৰ গোছৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতে যোৱা পাঁচ জানুৱাৰীত অতিৰিক্তভাবে দুমাহ সম্পাদন সময় নিৰ্ধাৰণ কৰি দিয়ে। কিন্তু বিশেষ আদালতে নিৰ্ধাৰিত সময়ৰ ভিতৰত ডিব্ৰুগড় আৰক্ষীয়ে সংশ্লিষ্ট গোছৰৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে পুনৰ অতিৰিক্ত তিনিমাহ বিছাৰি বিশেষ আদালতত আজি দিনটো আবেদন দাখিল কৰে ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় জিলাৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা সংশ্লিষ্ট গোছৰৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেছাৰে দাখিল কৰা সংশ্লিষ্ট আবেদনৰ শুনানিৰ বাবে বিশেষ আদালতে অহা 12 মাৰ্চ দিনটো ধাৰ্য কৰা বুলি সূত্ৰটোৱে জনায়।
জেৰাৰ সমুখীন হব কেইবাজনো হাই প্ৰফাইল ব্যক্তি
-
By admin
- Categories: News, Uncategorized
- Tags: APSC
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026