বৰপেটা ৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত মৃত্যু

 

বৰপেটা ৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহ মাইলত যোৱা নিশা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দুখন তীব্ৰ বেগী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা । R J 14 GD 0088 নম্বৰৰ ট্ৰাক খন দিল্লীৰ পৰা গুৱাহাটীলৈ গৈ আছিল আৰু আনখনAS01BC নম্বৰৰ ট্ৰাকখন গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখে গৈ আছিল। সংঘৰ্ষৰ ফলত বঙাইগাঁও অভিমুখী ট্ৰাক খনৰ চালক নিৰঞ্জন বৰ্মন ঘটনা স্থলীতে নিহত হয় ,আনহাতে হেণ্ডিমেন মহন্তক সংকট জনক অৱস্থাত বৰপেটা ৰোড চৰকাৰী চিকিৎসালয়লৈ অনা হয় যদিও তেওঁৰো মৃত্যু হয়। নিহত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ জনৰ ঘৰ বঙাইগাঁওৰ বুলি জানিব পৰা গৈছে ৷

Exit mobile version