গোলাঘাট আৰু যোৰহাট জিলাত অবৈধ চুলাই মদ সেৱন কৰি 181 জনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ পিছতে আজি পুনৰ বিষাক্ত চুলাই মদ সেৱন কৰি প্ৰাণ হেৰুৱালে তিনিজন লোকে। গোলাঘাট জিলা প্ৰশাসনে গোলাঘাট সুৰাৰ কাণ্ডৰ পিছতে জিলা খনৰ বিভিন্ন স্হানত অভিযান চলাই হাজাৰ হাজাৰ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে 40 জনতকৈ অধিক ব্যক্তিক জেললৈ প্ৰেৰণ কৰিছে যদিও জিলাখনৰ বিভিন্ন স্হানত এতিয়াও চুলাই মদৰ ব্যৱসায় চলি থকা কথা আজি ঘটনাটোৱে প্ৰমাণ কৰিছে । বিগত 21 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীৰ ভিতৰত যোৰহাট আৰু গোলাঘাট জিলা সংঘটিত হোৱা কৰুণ ঘটনাটো মাৰ নাযাওতেই আজি গোলাঘাট মৰঙি পানীকৰা গাৱত দুজন সুৰাপায়ী মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে আতংকৰ।মৰঙীত মৃত্যু হোৱা ব্যক্তি দুজন হৈছে ৰাতুল দাস আৰু জিতু দাস । আনহাতে একে অঞ্চলৰ দীপক ৰাজবংশী নামৰ এজন ব্যক্তি চিকিৎসালয়ত মৃত্যুৰে যুজি আছে। আনহাতে গোলাঘাট চহৰৰ মিচনপট্ৰিটো এজন সুৰাপায়ীৰ মৃত্যু ঘটিছে । আৰু দুজন ব্যক্তি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাক কেন্দ্ৰ কৰি মৰঙীত উত্তেজিত হৈ চুলাই ঘাটিত উপস্থিত হৈ খণ্ড যুদ্ধত লিপ্ত হয় আৰু আৰক্ষী আৰু আবকাৰী বিভাগৰ চুলাই মদৰ ব্যৱসায়ী লগত মিতিৰালি আছে বুলি অভিযোগ কৰে।
পুনৰ চুলাই মদৰ আতংক : নিহত তিনি
-
By admin
- Categories: News
- Tags: AssamIllicit Liquor Tragedy
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026