বিষাক্ত চুলাই মদে পুনৰ নুমলীগড়ত প্ৰাণ ল’লে দুজনৰ৷ৰাতুল দাস(৪৯) আৰু জিতুৱা উৰফে জিতু দাস(৩৮)এ কৰুণ মৃত্যুক সাৱটি লোৱাৰ উপৰি দীপৰ ৰাজবংশী আৰু দণ্ডী দাস সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ তদুপৰি, বৰ্তমান কে’বাজনো লোক অসুস্থ হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে৷ আজি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰে৷ গাঁৱৰ মহিলাসকলে একত্ৰিত হৈ অবৈধ চুলাইৰ ঘাটিসমূহ উচ্ছেদ কৰে৷ এই সময়ছোৱাত কিছু ঠাইত খণ্ডযুদ্ধৰো সূত্ৰপাত হয়৷ইপিনে, ঘটনাৰ বুজ ল’বলৈ উপস্থিত হোৱা গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙক ক্ষোভিত হৈ পৰা মহিলা তথা ৰাইজে ঘেৰাও কৰি বিভিন্ন প্ৰশ্নবানেৰে থকা-সৰকা কৰে৷
বিষাক্ত চুলাই মদে পুনৰ নুমলীগড়ত প্ৰাণ ল’লে দুজনৰ
-
By admin
- Categories: News
- Tags: AssamIllicit Liquor Tragedy
Related Content
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
By
publisher
April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
By
publisher
April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
By
publisher
April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ !
By
publisher
April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
By
publisher
April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
By
publisher
April 23, 2026