Amritpal Singh :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–খালিস্তানৰ সমৰ্থক তথা পঞ্জাৱৰ খাদূৰ চাহাবৰ সাংসদ অমৃতপল সিংক পুনৰ গ্ৰেপ্তাৰ ডিব্ৰুগড় কাৰাগাৰাত। ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত তেওঁৰ বন্দীত্বৰ ম্যাদ উকলি যোৱাৰ পিছত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত পঞ্জাৱৰ আজনালা থানা আক্ৰমণৰ এক গোচৰত পুনৰ পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৃতপালক । গ্ৰেপ্তাৰৰ পিছত আদালতৰ জৰিয়তে দুদিনৰ জিন্মাত লৈ ডিব্ৰুগড় কাৰাগাৰতে পঞ্জাৱ আৰক্ষীৰ দল এটাই জেৰা অব্যাহত ৰাখিছে ৷
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে গ্ৰেপ্তাৰৰ পিছতো অমৃতপল সিং ডিব্ৰুগড় কাৰাগাৰতে থাকিব আৰু আদালতৰ অনুমতি সাপেক্ষে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ বিচাৰ চলিব।
স্মতৰ্ৱ্য যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অমৃতপাল আৰু তেওঁৰ সমৰ্থকসকলে আৰক্ষীৰ বেৰিকেড ভাঙি এখন থানাত প্ৰৱেশ কৰি তেওঁলোকৰ এজন সহযোগীক মুক্ত কৰাৰ চেষ্টা চলাইছিল। ইয়াৰ পিছতে আৰক্ষীৰ সৈতে সংঘৰ্ষও হয় ৷ এই গোচৰৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছিল অমৃতপালক । তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টা (ধাৰা ৩০৭), ৰাজহুৱাকউে কৰ্মচাৰীক আক্ৰমণ (ধাৰা ৩৫৩), অপৰাধমূলক ষড়যন্ত্ৰ (ধাৰা ১২০বি), সন্ত্ৰাস চলোৱা (ধাৰা ১৪৮), আৰু অবৈধভাৱে একত্ৰিত হোৱা (ধাৰা ১৪৯) আৰু অস্ত্ৰ আইনৰ অন্যান্য ধাৰাসমূহ সংযোজিত কৰা হৈছিল































