কোটি টকাৰ হেৰ’ইনসহ মহানগৰীত জালত পৰিল মণিপুৰী যুৱক

IMG 20190310 WA0044

মহানগৰীৰ ছয়মাইলত আজি এক কোটিৰো অধিক টকাৰ হেৰ’ইনসহ এজন মণিপুৰী যুৱক আৰক্ষীৰ জালত পৰে ৷ মহানগৰ আৰক্ষীৰ অপৰাধ কোষে এখন বাছৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ ধৃত যুৱকজন মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মহম্মহ আৰমান ভাই বুলি আৰক্ষীয়ে জনায় ।তেওঁৰ পৰা আৰক্ষীয়ে প্ৰায় তিনিশ গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ জব্দকৃত হেৰ’ইনখিনিৰ মূল্য এক কোটিৰো অধিক টকা। পাছত অপৰাধ কোষে যুৱকজনক দিছপুৰ আৰক্ষীক গতাই দিয়ে ৷

Exit mobile version