আমেৰিকাৰ নিউয়ৰ্কৰ এক অনুষ্ঠানত অংশ লবলৈ গৈ বৰ্ণ বৈষম্যৰ সন্মুখীন হ’ল অভিনেত্ৰী তানিছা। যোৱা সপ্তাহত তানিছাই ‘ক্ৰাই আমেৰিকা ছেৰিটী গালা’ নামৰ এক অনুষ্ঠানত অংশ লবলৈ নিউয়ৰ্কলৈ গৈছিল । যোৱা শনিবাৰে নিশা অভিনেত্ৰী গৰাকীয়ে নিউয়ৰ্কত থকা তেওঁৰ বন্ধু – বৰ্গৰ স’তে এখন পানশাললৈ গৈছিল । এই পানশালাতে বৰ্ণ বৈষম্যৰ বলি হয় তানিছা। অভিনেত্ৰী গৰাকীয়ে অভিযোগ কৰা মতে ,হোটেলৰ এজন কৰ্মচাৰীয়ে তেওঁক প্ৰত্যক্ষ কৰা পাছত অসংগতিপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল ।আফ্ৰিকান-আমেৰিকান বংশোদ্ভূত কৰ্মচাৰীজনে কৈছিল ‘দেখি ধাৰণা হৈছে নতুন আৰু ইংৰাজী ভাষা নকয়।’ বিদেশৰ ভূমিত হোটেল কৰ্মচাৰীৰ এনে আচৰণত হতভম্ব হৈ তানিছাই হোটেল কৰ্তৃপক্ষক খবৰ দিয়ে । কিন্তু কৰ্তৃপক্ষই তেওঁক কোনো সহায় নকৰিলে বুলি অভিযোগ কৰে অভিনেত্ৰী গৰাকীয়ে । পাছত বন্ধুৰ স’তে উক্ত হোটেল ত্যাগ কৰিব’লৈ বাধ্য হয় তানিছা। ছ’চিয়েল মেডিয়াৰ জৰিয়তে তানিছাই নিউয়ৰ্কত লাভ কৰা এই তিক্ত অভিজ্ঞতাৰ কথা ৰাজহুৱা কৰিছে । উল্লেখ্য যে তানিছা বলিউড অভিনেত্ৰীৰ ভগ্নী ।
বিদেশত বৰ্ণ বৈষম্যৰ বলি অভিনেত্ৰী তানিছা
-
By admin
ADVERTISEMENT
- Categories: News
Related Content
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
By
publisher
May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
By
publisher
May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
By
publisher
May 13, 2025