লোকসভাৰ নিৰ্ব্বাচনৰ প্ৰহাৰত সবৰীমালাক ইছ্যু নকৰিবলৈ নিৰ্দেশ নিৰ্ব্বাচন আয়োগৰ

sabarimala temple759

Sabarimala: Ayyappa devotees throng at Sannidanam in Sabarimala on Wednesday. PTI Photo (PTI1_6_2016_000222A)

লোকসভাৰ আগন্তুক নিৰ্ব্বাচনত ৰাজনৈতিক দলসমূহক সবৰীমালা মন্দিৰ প্ৰসংগক প্ৰচাৰৰ কৌশল হিচাপে নল’বলৈ সকীয়নী জাৰি কৰিলে কেৰেলা নিৰ্ব্বাচনী আয়োগে। আজি নিৰ্ব্বাচন বিষয়া টি আৰ মিনাই এক নিৰ্দেশনা জাৰি কৰি কয় যে আগন্তুক লোকসভা নিৰ্ব্বাচনত ৰাজনৈতিক দল আৰু নেতাই সবৰীমালাক ইছ্যু হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। এনে কাৰ্যত লিপ্ত হোৱা ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ বিৰুদ্ধে আয়োগে কঠোৰ ব্যৱস্থা ল’ব বুলিও মিনাই সকীয়াই দিয়ে । সবৰীমালা প্ৰসংগ আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক নিৰ্ব্বাচনত প্ৰচাৰ চলোৱাৰ বাবে ৰাজনৈতিক দলে ব্যৱহাৰ কৰিলে ইয়াক নিৰ্ব্বাচন আচৰণবিধি উলংঘন কৰা অপৰাধ গণ্য কৰা হ’ব বুলিও মীনাই স্পষ্ট কৰি দিয়ে।

Exit mobile version