এখন অসাধাৰণ চিনেমা । মুক্তিৰ পিছতে দেশ-বিদেশৰ অজস্ৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । প্ৰখ্যাত গল্পকাৰ শিৱানন্দ কাকতিৰ গল্প ‘আমৃত্যু অমৃত’ৰ আধাৰত অসমৰ এগৰাকী যশস্বী তথা চিৰিয়াছ চলচিত্ৰ নিৰ্মাতা অৰূপ মান্নাই ‘আমৃত্যু ‘ নামৰ এখন চলচিত্ৰ নিৰ্মাণ কৰিছে । সাধাৰণতে মূলসুঁতিৰ সংবাদ মাধ্যম আৰু ফেচবুককে ধৰি বিভিন্ন সামাজিক মাধ্যমত কোনোধৰণৰ প্ৰচাৰ নচলোৱা অৰূপ মান্নাই কাকো খবৰ নিদিয়াকৈ ইটোৰ পিছত সিটো চলচিত্ৰ মহোৎসৱত ‘আমৃত্যু ‘প্ৰদৰ্শন কৰিছে । অৰূপ মান্নাৰ চলচিত্ৰ নিৰ্মাণৰ শৈলী কিছু সুকীয়া । সাধাৰণতে যিটো ধাৰাত চলচিত্ৰ নিৰ্মাণ কৰা হয়, অৰূপ মান্না সেই ধাৰাটোৰ পৰা যেন বহু আঁতৰত । গুৱাহাটীত থাকি চলচিত্ৰ নিৰ্মাণ কৰা আৰু হাতেৰে ঢুকি পোৱা সংবাদ মাধ্যমত প্ৰতিটো খবৰ দিয়াৰ পৰাও আঁতৰত থাকে অৰূপ মান্না। ইয়াৰ কাৰণ হ’ল , এইগৰাকী চলচিত্ৰ নিৰ্মাতা নগাঁওত বাস কৰে। ইয়াৰ পূৰ্বে ‘আইদেউ’,’অধ্যায়’কে ধৰি কে’বাখনো ভিন্ন ৰুচিৰ চলচিত্ৰ নিৰ্মাণ কৰা অৰূপ মান্নাৰ শেহতীয়া সৃষ্টি ‘আমৃত্যু ‘ৱে গুৱাহাটী আন্তজাৰ্তিক চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি হিচাপে স্বীকৃতি পাইছিল ।
দেশ-বিদেশৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত এখন অসমীয়া ছবি । অৰূপ মান্নাৰ ‘আমৃত্যু’ৰ বিশ্বমুখী যাত্ৰা ।
-
By admin

????????????????????????????????????
- Categories: Entertainment, News
Related Content
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
By
publisher
May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
By
publisher
May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম'বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
By
publisher
May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ'ল বিৰল 'ঘোং'
By
publisher
May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
By
publisher
May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
By
publisher
May 1, 2026